ETV Bharat / state

ধেমাজিত চিনাক্ত জিলাখনৰ প্ৰথমগৰাকী কোভিড-19 ৰোগী

author img

By

Published : May 25, 2020, 5:39 PM IST

ধেমাজিত চিনাক্ত জিলাখনৰ প্ৰথমগৰাকী কোভিড-19 পজিটিভ ৰোগী । 24 মে'ৰ নিশা তেখেতৰ তেজৰ ফলাফল অহাত লোকজন কোভিড 19ত আক্ৰান্ত বুলি স্পষ্ট হৈ পৰে ।

COVID 19 positive patient found at Dhemaji
ধেমাজিত চিনাক্ত জিলাখনৰ প্ৰথমগৰাকী কোভিড-19 পজিটিভ ৰোগী

ধেমাজি, 25 মেঃ ধেমাজিত চিনাক্ত জিলাখনৰ প্ৰথমগৰাকী কোভিড-19 পজিটিভ ৰোগী । ধেমাজিৰ বৰদলনিৰ ৩১ বৰ্ষীয় লোকজন বিগত 22 মে'ত ৰে'লযোগে চেন্নাইৰ পৰা ডিব্ৰুগড়ত আহি উপস্থিত হৈছিল । ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছত নিশাৰ ভাগতে তেখেতক ধেমাজি আন্তঃজিলা বাছ আস্থানস্থিত কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

ইয়াৰ পিছতে 23 মে'ত তেখেতৰ দেহত কোভিড-19ৰ লক্ষণ দেখা দিয়াত লোকজনক ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু পৰীক্ষাৰ বাবে তেখেতৰ তেজৰ নমুনা সংগ্ৰহ কৰি ICMRলৈ প্ৰেৰণ কৰা হয় । 24 মে'ৰ নিশা ফলাফলত অহাত লোকজন কোভিড-19ত আক্ৰান্ত বুলি স্পষ্ট হৈ পৰে ।

ধেমাজিত কোভিড-19 পজিটিভ ৰোগী চিনাক্ত

সোমবাৰে পুৱাই চিকিৎসালয়ত উপস্থিত হয় ধেমাজিৰ বিধায়ক ৰনোজ পেগু । ইয়াৰ পিছতে দুপৰীয়াৰ ভাগত ধেমাজি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে । ধেমাজি জিলা উপায়ুক্ত নৰসিংহ পাৱাৰে জনায় যে, ইয়াত আতংকিত হোৱাৰ কোনো কাৰণ নাই । চিকিৎসকৰ দল প্ৰতি মুহুৰ্ততে সষ্টম হৈ আছে । আক্ৰান্ত ৰোগীগৰাকীয়ে অতি শীঘ্ৰে আৰোগ্য লাভ কৰিব ।

লগতে পঢ়ক- আদৰ্শ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা হ'ব জাগীৰোড কাগজ কল চিকিৎসালয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.