ETV Bharat / state

Corruption in Jonai:জোনাইত নিৰ্মীয়মান চিকিৎসালয়ত ওলাইছে বৃহৎ বৃহৎ ফাট

জোনাইত নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয়ত ওলাইছে বৃহৎ বৃহৎ ৷ পাঁচ বছৰে মুকলি নহ’ল নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয় ৷

Corruption in jonai
জোনাইত নিৰ্মীয়মান চিকিৎসালয়ত ওলাইছে বৃহৎ বৃহৎ ফাট
author img

By

Published : Jul 19, 2023, 6:21 PM IST

জোনাইত নিৰ্মীয়মান চিকিৎসালয়ত ওলাইছে বৃহৎ বৃহৎ ফাট

জোনাই, ১৯ জুলাই: মুকলি নৌ-হওঁতেই চিকিৎসালয় গৃহত ওলাইছে বিসংগতি ৷ বৃহৎ বৃহৎ ফাট মেলিছে নিৰ্মীয়মান চিকিৎসালয় গৃহত ৷ উল্লেখ্য যে ২০১৮ চনৰ ১১ জুনত তদানীন্তন স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই মহকুমা অসামৰিক চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল । কিন্তু আজিও কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসালয়খন মুকলি নকৰিলে ৰাইজৰ বাবে ৷ বৰঞ্চ বৃহৎ ফাট মেলিছে চিকিৎসালয় গৃহটোত ৷

আমি কৈ থকা চিকিৎসালয় গৃহটো আছে জোনাইত ৷ জোনাইত নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয় গৃহ নিৰ্মাণত বিসংগতিত ধৰা পৰাৰ পাচতে সৰব হৈ পৰিছে দল-সংগঠন ৷ জোনাইত প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা ১০০ খন বিছনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মাণৰ নামত ব্যাপক দুর্নীতি-অনিয়ম সংঘটিত হৈছে । কাৰণ নির্মীয়মান চিকিৎসালয়খন হস্তান্তৰৰ পূৰ্বেই ঠায়ে ঠায়ে বীম, ৱাল সমূহত মেলিছে বৃহৎ বৃহৎ আকাৰৰ ফাট ।

জানিব পৰামতে জয়বাবা কনচট্টাকচন প্রাঃলিঃ কোম্পানী নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে নিম্নমানৰ সামগ্ৰীৰে চিকিৎসালয় গৃহ নিৰ্মাণ কৰাত নিৰ্মাণৰ কাম সম্পূর্ণ নহওঁতে ফাট মেলিছে ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সঁজাতি দলে পৰিদৰ্শন কৰিছিল নিৰ্মীয়মান অসামৰিক চিকিৎসালয়খন । তাৰ পাচতে এই অভিযোগ উত্থাপন কৰিছে আছু আৰু AJYCPৰ নেতাই ৷ উল্লেখ্য যে অসম-অৰুণাচল সীমান্তৰ জোনাইবাসী ৰাইজৰ সপোনৰ অসামৰিক চিকিৎসালয়খন নিৰ্মাণৰ নামত সংঘটিত হোৱা এনে দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ জনাই অহাৰ পিছতো গা লৰা নাই বিভাগীয় কর্তৃপক্ষৰ ৷

দুর্নীতিগ্রস্ত ঠিকাদাৰ আৰু দুৰ্নীতিত জড়িত বিভাগীয় বিষয়া-কৰ্মচাৰী-অভিযন্তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আছু আৰু AJYCP ৰ নেতাই ৷

লগতে পঢ়ক:Dhemaji Civil Hospital:ৰোগীৰ বাবে সাজু ধেমাজি অসামৰিক চিকিৎসালয়ৰ ICU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.