ETV Bharat / state

Jonai reqruitment scam : বিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী হোৱাৰ অভিযোগ

জোনাইৰ লাইমেকুৰীত নতুনকৈ স্থাপন কৰা মূৰ্কংচেলেক আদর্শ বিদ্যালয়ত নিম্নবর্গৰ সহায়ক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ (Alleged Reqruitment scam in Jonai) । নতুনকৈ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী মূৰ্কংচেলেক আদর্শ বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ । যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰাৰো অভিযোগ তোলে স্থানীয় লোক আৰু বিভিন্ন দল-সংগঠনে ।

author img

By

Published : Nov 24, 2021, 8:22 PM IST

Corruption in clerk appointment in Jonai School
মূৰ্কংচেলেক আদর্শ বিদ্যালয়ত নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী হোৱাৰ অভিযোগ

জোনাই, ২৪ নৱেম্বৰ : লটাৰীযোগে ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি কৰাক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰীৰ মূৰ্কংচেলেক আদর্শ বিদ্যালয়ত এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ (Reqruitment scam in Dhemaji School) । নতুনকৈ স্থাপন কৰা মূৰ্কংচেলেক আদর্শ বিদ্যালয়খনত নিম্নবর্গৰ সহায়ক আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ (Scam in clerk appointment at Jonai) উত্থাপিত হৈছে ।

স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে এতিয়া বাছনি পৰীক্ষা নতুনকৈ অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে (Apointment issue in Jonai) । মূৰ্কংচেলেক আদর্শ বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ অভিযোগ মতে, মূৰ্কংচেলেক আদর্শ বিদ্যালয়ত শেহতীয়াকৈ নিম্নবর্গৰ সহয়াক আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা বাছনি পৰীক্ষাত যোগ্য প্রার্থীক বঞ্চিত কৰি দুৰ্নীতিৰ আশ্ৰয় লৈ আন প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে ।

জানিব পৰা মতে, মূৰ্কংচেলেক আদর্শ বিদ্যালয়খনৰ নিম্নবর্গ সহায়কৰ পদটোৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰি বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও যোগ্য প্রার্থীক বঞ্চিত কৰি কোনো অভিজ্ঞতা অথবা কম অর্হতা প্রার্থীক নিযুক্তি দিয়া হৈছে । একেদৰে চতুৰ্থ বৰ্গ সহায়ক পদৰ বাবেও মুঠ ১৫ গৰাকী প্ৰাৰ্থী বাছনি পৰীক্ষাত বহিছিল যদিও এই ক্ষেত্ৰতো অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে(Corruption case in Jonai school) ।

এতিয়া মূৰ্কংচেলেক আদর্শ বিদ্যালয়ৰ এনে অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন । মূর্কংচেলেক আদর্শ বিদ্যালয়খনত বৰ্তমান নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰি শীঘ্ৰে নতুনকৈ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে স্থানীয় বিধায়ক ভূৱন পেগু আৰু সাংসদ প্রদান বৰুৱাক দাবী জনাইছে জোনাইৰ বিভিন্ন দল-সংগঠনৰ লগতে মূৰ্কংচেলেক আদর্শ বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিয়ে ।

লগতে নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত তদন্ত আৰম্ভ কৰিবলৈও চৰকাৰক আহ্বান জনাইছে(Probe in Reqruitment scam in Jonai) । অন্যথা বিদ্যালয়খনৰ পাঠদান বন্ধ ৰখাৰ লগতে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে স্থানীয় বিভিন্ন দল সংগঠনে ।

লগতে পঢ়ক:Gram Panchayat Corruption: পঞ্চায়তৰ সভাপতি পদৰ পৰা বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.