ETV Bharat / state

ধেমাজিৰ আধাৰ কেন্দ্ৰত ব্যাপক অৰাজকতাৰ অভিযোগ - সন্মিলিত যুৱ বিকাশ অসম

ধেমাজিৰ আধাৰ কেন্দ্ৰসমূহত অনিয়ম সংঘটিত কৰাৰ অভিযোগ সন্মিলিত যুৱ বিকাশ অসমৰ ৷ আধাৰ বনোৱা মুখ্য সমন্বয়ক গৰাকীৰ ছত্ৰছায়াতেই এই অৰাজকতা চলি থকাৰ অভিযোগ সংগঠনটোৰ ৷

Corruption at Adhar centre in Dhemaji
ধেমাজিৰ আধাৰ কেন্দ্ৰত ব্যাপক অৰাজকতাৰ অভিযোগ
author img

By

Published : Oct 16, 2020, 12:24 PM IST

ধেমাজি, 16 অক্টোবৰ: ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা আধাৰ কেন্দ্ৰসমূহত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে সন্মিলিত যুৱ বিকাশ অসমে ৷ অভিযোগ অনুসৰি,জিলাখনত আধাৰ বনোৱা মুখ্য সমন্বয়ক গৰাকীৰ ছত্ৰছায়াতেই কেন্দ্ৰটোৱে চলাইছে এই অৰাজকতা ৷ কামচি আৰু বৰবাম কছাৰী গাঁৱৰ আধাৰ কেন্দ্ৰসমূহে একোগৰাকী আবেদনকাৰীৰ পৰা চৰকাৰী নিৰ্ধাৰিত মাচুলতকৈ অধিক ধন সংগ্ৰহ কৰি আহিছে ৷

এই সমগ্ৰ বিষয় সন্দৰ্ভত ধেমাজি জিলা প্ৰশাসনক সুদৃষ্টি দিবলৈ সন্মিলিত যুৱ বিকাশ অসমৰ হৈ হিটলাৰ শইকীয়াই দাবী জনাইছে ৷ উল্লেখ্য যে,জনসাধাৰণৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ে জিলাখনৰ 63 টা আধাৰ কেন্দ্ৰৰ অভিযোগ সন্দৰ্ভত টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিবলৈ এখন জাননীৰ জৰিয়তে আহ্বান জনাইছে ৷

ধেমাজিৰ আধাৰ কেন্দ্ৰত ব্যাপক অৰাজকতাৰ অভিযোগ

লগতে পঢ়ক: অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.