ETV Bharat / state

ধেমাজিত কংগ্ৰেছৰ প্ৰাথী শৈলেন সোণোৱালক উষ্ম আদৰণি

author img

By

Published : Mar 8, 2021, 5:04 PM IST

ধেমাজিত কংগ্ৰেছৰ প্ৰাথী শৈলেন সোণোৱালক উষ্ম আদৰণি । ১১৩ নং ধেমাজি বিধান সভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰে শৈলেন সোণোৱালক । প্ৰাৰ্থীত্ব গ্ৰহণ কৰি সমষ্টিটোৰ উন্নয়নৰ দিশত প্ৰাৰ্থীগৰাকীয়ে মনোনিৱেশ কৰিব বুলি মন্তব্য সোণোৱালৰ ।

ধেমাজিত কংগ্ৰেছৰ প্ৰাথী শৈলেন সোণোৱালক উষ্ম আদৰণি
ধেমাজিত কংগ্ৰেছৰ প্ৰাথী শৈলেন সোণোৱালক উষ্ম আদৰণি

ধেমাজি, ৮ মাৰ্চ: অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজনৈতিক দলসমূহৰ প্ৰায় কেইটা দলেই ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । লগে লগে প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে তৃণমূল কৰ্মীসকলৰ ব্যস্ততা । ১১৩ নং ধেমাজি বিধান সভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰে শৈলেন সোণোৱালক ।

দলৰ প্ৰাৰ্থীত্ব গ্ৰহণ কৰি সোমবাৰে সমষ্টিটোত প্ৰৱেশ কৰাৰ লগে লগে শতাধিক দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনায় শৈলেন সোণোৱালক ৷ দলীয় কৰ্মীয়ে এক দীঘলীয়া ৰেলীৰে শৈলেন সোণোৱালক সমষ্টিটোৰ দুৱাৰমুখ স্বৰূপ গােগামুখৰ পৰা ধেমাজি সদৰলৈ আদৰি আনে । তাৰ পাচত জিলা কংগ্ৰেছ কাৰ্যালয় ইন্দিৰা ভৱনত ফিটা কাটি প্ৰৱেশ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ ইপিনে, সংবাদ মাধ্যমৰ আগত বিভিন্ন সমস্যাৰে জৰ্জৰিত ধেমাজিবাসীৰ উন্নয়নৰ দিশত প্ৰাৰ্থীগৰাকীয়ে মনোনিৱেশ কৰিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক:নাৰায়ণপুৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.