ETV Bharat / state

Sanmilita gana shakti asom Conference: গণশক্তিৰ সৈতে বিজেপিৰ লক্ষ্য আদৰ্শৰ বিশেষ পাৰ্থক্য নাই; ভুৱন পেগু - gana shakti asom held at Silapathar Dhemaji

চিলাপথাৰত সন্মিলিত গণশক্তি অসমৰ বিশাল অধিৱেশন । দহ সহস্ৰাধিক লোকৰ অংশ গ্ৰহণ । অধিৱেশনত উপস্থিত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু (Conference of Sanmilita gana shakti asom) ৷

Conference of Sanmilita gana shakti asom
সন্মিলিত গণশক্তি অসমৰ বিশাল অধিৱেশন
author img

By

Published : Mar 6, 2023, 7:56 AM IST

সন্মিলিত গণশক্তি অসমৰ বিশাল অধিৱেশন

জোনাই, ৫ মাৰ্চ : ধেমাজি জিলাৰ চিলাপথাৰত অনুষ্ঠিত হৈ যায় সন্মিলিত গণশক্তি অসমৰ বিশাল অধিৱেশন ৷ সমধিকাৰ, সমমৰ্যাদা আৰু সম উন্নয়নক মূলমন্ত্ৰ হিচাপে লৈ ২০০৫ বৰ্ষত গঠিত সন্মিলিত গণশক্তিৰ ৰবিবাৰে এক বিশাল অধিৱেশন চিলাপথাৰত অনুষ্ঠিত হয় । চিলাপথাৰ দঃঞি পঃল সাংস্কৃতিক প্ৰকল্পত সন্মিলিত গণশক্তিৰ পঞ্চম আৰু ভগ্নী সংগঠন সন্মিলিত নাৰী শক্তিৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায় (Conference of Sanmilita gana shakti asom) ।

সমাগত নিৰ্বাচনৰ পূৰ্বে সৰ্বস্তৰৰ কৰ্মীক একত্ৰ কৰি অধিক সৱলীকৰণ কৰাৰ মানসেৰে আয়োজন কৰা এই অধিৱেশনত একেখন মঞ্চতে উপস্থিত হ’ল বিভিন্ন প্ৰান্তৰ হেজাৰ হেজাৰ লোকে ৷ অধিৱেশনত দলটোৰ সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে সাম্প্ৰতিক সময়ত ল'ব লগা বহু গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰা হয় ।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ পুৱা গছপুলি ৰোপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গণশক্তিৰ চিচি ব্লক কাৰ্যকৰী সভাপতি ৰমা বৰুৱা আৰু নাৰী শক্তিৰ কেন্দ্ৰীয় উপ সভানেত্ৰী গুণ চুতীয়াই । ব্লক সভাপতি গোপাল চুতীয়াই পতাকা উত্তোলনৰ পিচতে শ্বহীদ তৰ্পণ কৰে ব্লক সম্পাদক ভাস্কৰ চুতীয়াই । ধেমাজি জিলা পৰিষদৰ সদস্য মোহন গগৈয়ে উদ্বোধন কৰা প্ৰতিনিধি সভাৰ পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে এম এ চিৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম ।

লগতে পঢ়ক : Conrad Sangma to form govt: অনিশ্চয়তাৰ অৱসান; মেঘালয়ত পুনৰ হ’ব কনৰাড চাংমাৰ চৰকাৰ

অধিৱেশনত দুখনকৈ মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হয় । সমল ব্যক্তি হিচাপে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে জোনাইৰ বিধায়ক ভুৱন পেগু আৰু এম এ চি'ৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়াই । ইয়াৰ লগতে, সন্মিলিত নাৰী শক্তিৰ সভানেত্ৰী ভৱানী দুৱৰা, এম এ চিৰ কাৰ্যবাহী সদস্য জ'হান দলেৰ লগতে গণশক্তি-নাৰীশক্তিৰ প্ৰতিষ্ঠা লগ্নৰে পৰা জড়িত অনেক নেতা কৰ্মী আৰু জনগোষ্ঠীয় সংগঠনৰ বহু শীৰ্ষ নেতা উপস্থিত থকা পৰিলক্ষিত হয় অধিৱেশনত (Jonai MLA Bhuban Pegu at SGSA Conference) ।

সভাত উপস্থিত থাকি জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে গণশক্তি আৰু বিজেপিৰ লক্ষ্য আৰু আদৰ্শৰ বিশেষ পাৰ্থক্য নাই বুলি উল্লেখ কৰে । পিচপৰা সমাজৰ সামগ্ৰিক উন্নয়ন আৰু পৰিৱৰ্তনে দুয়োটা দলৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰি সাম্প্ৰতিক সময়ত আঞ্চলিক দলৰ প্ৰাসংগিকতা আছে বুলি মন্তব্য আগবঢ়ায় ৷ বিধায়কজনে ৰাজ্যখনৰ উন্নয়ন আৰু সুস্থ সমাজ গঠনৰ মহৎ উদ্দেশ্যক বাস্তৱায়িত কৰাৰ উদ্দেশ্যৰে বিজেপি আৰু গণশক্তি দলে যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জানিবলৈ দি একালত নিজে জন্ম দিয়া সন্মিলিত গণশক্তিক শক্তিশালী কৰি তুলিবলৈ প্ৰতিগৰাকী কৰ্ম-কৰ্তাৰে সহায়-সহযোগিতা কামনা কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.