ETV Bharat / state

কানাড়া বেংকৰ পৰা 1.50 কোটি টকা হৰলুকিৰ অভিযোগ - ঋণ পৰিশোধ

বিভিন্ন সময়ত বিত্তীয় প্ৰতিষ্ঠানসমূহত বিসংগতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ সময়তে ধেমাজিৰ কানাড়া বেংকত গ্ৰাহকৰ ধন হৰলুকি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি বিগত দুই-তিনিমাহৰ ভিতৰত প্ৰায় ১.৫০ কোটি টকা কেইবাজনো গ্ৰাহকৰ একাউণ্টৰ পৰা হৰলুকি হৈছে ৷ গ্ৰাহকৰ অজ্ঞাতে লাখ লাখ টকা বেংক একাউণ্টৰ পৰা হৰলুকি হোৱাৰ ঘটনা পোহৰলৈ অহাৰ অভিযোগ একাংশ গ্ৰাহকৰ ৷

ধেমাজি কানাড়া বেংকৰ পৰা গ্ৰাহকৰ প্ৰায় 1.5 কোটি টকা হৰলুকি হোৱাৰ অভিযোগ

author img

By

Published : Feb 14, 2021, 8:47 AM IST

ধেমাজি,14 ফেব্ৰুৱাৰীঃ গ্ৰাহকৰ কষ্টোপাৰ্জিত ধনৰ নিৰাপত্তাৰ অভাৱ ঘটিছে খোদ বেংকতে ৷ যিকোনো সময়ত একাউণ্টৰ পৰা ধন হৰলুকিৰ দৰে ঘটনা সংঘটিত হ’ব পাৰে ৷ বিভিন্ন সময়ত বিত্তীয় প্ৰতিষ্ঠানসমূহত এনে বিসংগতি হোৱাৰ ঘটনা পোহৰলৈ অহাৰ সময়তে এইবাৰ ধেমাজিৰ কানাড়া বেংকত গ্ৰাহকৰ ধন হৰলুকি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, বিগত দুই-তিনিমাহৰ ভিতৰত কেইবাজনো গ্ৰাহকৰ একাউণ্টৰ পৰা প্ৰায় ১.৫০ কোটি টকা হৰলুকি হৈছে ৷ গ্ৰাহকৰ অজ্ঞাতে লাখ লাখ টকা একাউণ্টৰ পৰা হৰলুকি হোৱাৰ ঘটনা পোহৰলৈ অহাৰ অভিযোগ একাংশ গ্ৰাহকৰ ৷ ভুক্তভোগী গ্ৰাহকসকলে কৰা অভিযোগ অনুসৰি, ধেমাজিৰ কাঁহিকুছি গাঁৱৰ ললিত মৰাণ বৰুৱাৰ একাউণ্টৰ পৰা প্ৰায় ৩০ লাখ টকা ঋণ লোৱা দেখুৱাই একাউণ্টটোৰ পৰা হৰলুকি হৈছে ধন ৷

কানাড়া বেংকৰ পৰা 1.50 কোটি টকা হৰলুকিৰ অভিযোগ

উল্লেখ্য যে, ললিত মৰাণ বৰুৱা নামৰ ব্যৱসায়ীজনে ২০১৭ চনতে ব্যৱসায়িক কামত ১০ লাখ টকাৰ চিচি ঋণ লৈছিল ৷ পিছত উক্ত ঋণৰ ধন সময়মতে পৰিশোধ কৰে ৷ ঋণ পৰিশোধৰ পিছতো চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত বিভিন্ন সময়ত তেওঁৰ একাউণ্টৰ ধন হৰলুকি হ’বলৈ আৰম্ভ হয় ৷ ব্যৱসায়ীগৰাকীৰ অনুমতি নোলোৱাকৈ কোনে তেওঁৰ নামত এই ঋণ লৈছে, সেই সন্দৰ্ভত জানিবলৈ বেংক কৰ্তৃপক্ষক অভিযোগ দাখিল কৰে ৷ ইপিনে ব্যৱসায়ীজনৰ ম’বাইললৈ ধন উলিয়াই থকা মেছেজ যোৱাত বৰুৱাই বেংকলৈ গৈ এই বিষয়ে জানিব বিচৰাত দায়িত্বত থকা বেংক বিষয়া কালিদাস কামানে একো নহয় বুলি কৈ টকাখিনি আকৌ জমা হোৱাৰ আশ্বাস প্ৰদান কৰে ৷ বেংকটোৰ আন এগৰাকী গ্ৰাহক মুনীন্দ্ৰ শইকীয়াৰ একাউণ্টৰ পৰা ১১ লাখ, সঞ্জীৱ ছেত্ৰীৰ পৰা ৪০ লাখ, দৰিণ দত্তৰ পৰা ২ লাখ, চন্দন কোঁচৰ ৩০ লাখ, মাধুৰ্য চুতীয়াৰ ৪ লাখ ৭৫ হেজাৰ টকাকে ধৰি প্ৰায়সংখ্যক গ্ৰাহকৰ ডেৰ কোটিতকৈ অধিক টকা হৰলুকি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়কঃ দেওবাৰে মহানগৰীৰ পদপথত মুকলি হ’ব 2খনকৈ উৰণীয়া সেঁতু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.