জোনাই, 23আগষ্টঃ বানত সৰ্বস্ব হেৰুৱা বানাক্ৰান্তক এফালে বাৰিষা আৰু গৰাখহনীয়াই খেদিছে আনফালে আকৌ খেদিছে প্ৰশাসনে ৷ ওখ ঠাই বিচাৰি বানত সৰ্বস্ব হেৰুওৱা পৰিয়ালসকলে চিমেন চাপৰিৰ চৰকাৰী ভূমিত মুকলি আকাশৰ তলত আশ্ৰয় গ্ৰহণ কৰিছে যদিও নিৰাপদ নহয় বানাক্ৰান্ত ৰাইজ ৷ আমাক থাকিবলৈ মাটি এডোখৰ দিয়ক, আমাক জীয়াই থাকিব দিয়ক, বানত সৰ্বহাৰা হোৱা বানাক্ৰান্তক চৰকাৰী ভূমিত সংস্থাপন দিয়াৰ দাবীৰে শুকুৰবাৰে জোনাই সদৰত অৱস্থিত মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ মুৰংঘৰত অনুষ্ঠিত হয় সংবাদমেলৰ ৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ টি এম পি কে, টি এম এম কে, এম এম কে, ট্ৰাইবেল সংঘ, আটাছু, লালুং,গাৰো, বেঙ্গলী, ৰাভা, কোছ ৰাজবংশী, মেছ দেউৰী ছাত্ৰ সন্থা, দেউৰী সাহিত্য সভা, গোৰ্খা, সোণোৱাল ছাত্ৰ সন্থা, হাজং, লালুং, টিৱা, ভোজপুৰীকে ধৰি ১৯ টাকৈ জনগোষ্ঠীয় সংগঠনৰ নেতা, কৰ্মীয়ে অংশগ্ৰহণ কৰে সংবাদমেলত ৷
সংবাদমেলত জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত গালী চিকাৰী গাঁও পঞ্চায়তৰ গালীঘাট, জীয়াঢল, মুদৈ আদি গাঁৱৰ ১০৫ টা বানপানীত বিধ্বস্ত পৰিয়ালে চিমেন চাপৰি অঞ্চলৰ প'লিটেকনিক কলেজৰ সমীপত অৱস্থিত চৰকাৰী ভূমিত আশ্ৰয় গ্ৰহণ কৰি থকা দুৰ্ভগীয়া পৰিয়ালসকলক উক্ত স্থানতে সংস্থাপনৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক সংবাদমেলৰ জৰিয়তে দাবী জনায় ৷ সংগঠনকেইটাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি গালী চিকাৰী পঞ্চায়তৰ গালীঘাট, মুদৈ আৰু জীয়াঢল গাঁৱৰ প্ৰায় তিনি শতাধিক লোকে বিগত বানত সৰ্বস্ব হেৰুৱাইছে ৷ সেইবাবে বানত বিধ্বস্ত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সংগঠনসমূহে চৰকাৰৰ ওচৰত দাবী জনাইছে ৷ অন্যথা চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি সকীয়াই দিয়ে ৷
![Community organizations demanded relocation of flood-affected families](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jonai-news-23aug_23082020093325_2308f_1598155405_1077.jpg)
আনহাতে সংবাদমেলৰ শেষত বানবিধ্বস্ত পৰিয়ালসকলে আশ্ৰয় গ্ৰহণ কৰি স্থানত সাংবাদিকৰ দলে পৰিভ্ৰমণ কৰে ৷ সাংবাদিকে ভ্ৰমন কৰাৰ সময়ত বানত সৰ্বস্ব হেৰুৱা পৰিয়ালসকলে চিমেন চাপৰিৰ চৰকাৰী ভূমিত মুকলি আকাশৰ তলত জীৱন-নিৰ্বাহ কৰি আছে ৷ ইয়াৰোপৰি বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্যৰ সমস্যা হোৱাৰ কথা জানিবলৈ দিয়ে বান বিধ্বস্ত পৰিয়ালৰ লোকে ৷ উল্লেখযোগ্য যে, বান বিধ্বস্ত পৰিয়ালসকলে আশ্ৰয় গ্ৰহণ কৰি থকা স্থান জামজিং সংৰক্ষিত বনাঞ্চলৰ সামাজিক বনানীকৰণৰ ভূমিৰ অন্তৰ্গত ৷
লগতে পঢ়কঃবাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ