ETV Bharat / state

কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শনৰ বাবে জোনাইত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - CM Sarbananda Sonowal at Jonai

এই অভাৱনীয় পৰিস্থিতিত সকলো ৰাইজকে চৰকাৰী নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে কৰ'ণাৰ বিৰুদ্ধে এই যুঁজত ৰাইজৰ জয় হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

CM Sarbananda Sonowal at Jonai to observe quarantine centre
কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শনৰ বাবে জোনাইত উপস্থিত মুখ্যমন্ত্ৰী
author img

By

Published : May 23, 2020, 7:40 PM IST

জোনাই, 23 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ইয়াল লগে লগে অধিক তৎপৰ হৈ উঠিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা বিভাগীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ৷ শনিবাৰে বিয়লি কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে জোনাইৰ মুৰ্কংচেলেক উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ উপস্থিত হৈয়ে মুৰ্কংচেলেক কলেজত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰসমূহৰ স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উল্লেখ্য যে, জোনাই মহকুমাৰ দুটা স্থানত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপনৰ কাম হাতত লৈছে মহকুমা প্ৰশাসনে । বহিঃ ৰাজ্যৰ পৰা উভতি অহা লোকসকলক ৰাখিবৰ বাবে ইতিমধ্যে সকলো কাম সম্পূৰ্ণ কৰি সাজু কৰি ৰখা হৈছে চৰকাৰীভাৱে স্থাপন কৰা মুৰ্কংচেলেক মহাবিদ্যালয় কোৱাৰেন্টাইন কেন্দ্ৰ আৰু চিমেন চাপৰি মহাবিদ্যালয়ত কোৱাৰেন্টাইন কেন্দ্ৰ ৷

কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শনৰ বাবে জোনাইত উপস্থিত মুখ্যমন্ত্ৰী

জোনাইত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰি সামগ্ৰিক ব্যৱস্থাৱলীৰ বুজ লৈ জোনাই আৱৰ্ত ভৱনত সংবাদ মাধ্যমক সম্বোধন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই অভাৱনীয় পৰিস্থিতিত সকলো ৰাইজকে চৰকাৰী নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে কৰ'ণাৰ বিৰুদ্ধে এই যুঁজত ৰাইজৰ জয় হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ উপৰিও ঈদৰ সময়ত সামাজিক দূৰত্ব বৰ্তাই ৰাখি প্ৰত্যেকে নিজ নিজ ঘৰত নামাজ পঢ়ি বিশ্বৰ মানৱ সমাজৰ শান্তি আৰু সুৰক্ষাৰ বাবে দোৱা কৰিবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজিৰ বিধায়ক ৰনোজ পেগু, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণা বৰুৱা, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি পাৰ্থপ্ৰতীম বৈৰাগীৰ লগতে বহু উচ্চ পৰ্যায়ৰ বিষয়াই ৷

লগতে পঢ়কঃ লখিমপুৰত নীপকোৰ বিৰুদ্ধে বানপীড়িতৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.