ETV Bharat / state

Flight Service from Pasighat : পাছিঘাটৰ পৰা ডিব্ৰুগড়, লীলাবাৰী, গুৱাহাটীলৈ আৰম্ভ হ’ল বিমান সেৱা - Minister of Civil Aviation

অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা ডিব্ৰুগড়, লীলাবাৰী আৰু গুৱাহাটীলৈ আৰম্ভ হ’ল বিমান সেৱা (Flight Service from Pasighat) ৷ মঙলবাৰে এই সেৱাৰ শুভাৰম্ভ কৰে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৷

Flight Service from Pasighat
আৰম্ভ হ’ল পাছিঘাটৰ পৰা ডিব্ৰুগড়, লীলাবাৰী, গুৱাহাটীলৈ বিমান সেৱা
author img

By

Published : Apr 12, 2022, 10:56 PM IST

জোনাই, ১২ এপ্ৰিল: মঙলবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং জিলাৰ পাছিঘাটৰ পৰা ডিব্ৰুগড়, লীলাবাৰী, গুৱাহাটী সংযোগ বিমান সেৱাৰ শুভাৰম্ভ হৈছে । ‘‘এতিয়াৰে পৰা হাৱাই চেন্দেল ব্যৱহাৰ কৰা সাধাৰণ মানুহে হাৱাই জাহাজত যাতায়াত কৰিব পাৰিব ৷" ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মঙলবাৰে অৰুণাচল প্ৰদেশৰ পাছিঘাটত এক বিমান সেৱা শুভ উদ্বোধন কৰি এইদৰে কয় (Jyotiraditya Scindia at Pasighat)।

বিশেষকৈ Alliance airlines কোম্পানীৰ তত্বাৱধানত পাছিঘাটৰ বিমান বন্দৰৰ পৰা লীলাবাৰী, ডিব্ৰুগড় আৰু গুৱাহাটীৰ সৈতে যোগাযোগৰ বাবে বিমান সেৱা মুকলি কৰা হয় (Flight Service from Pasighat)। বহু জল্পনা-কল্পনাৰ অন্ত পেলাই পাহাৰীয়া ৰাণীৰূপে খ্যাত পাছিঘাটত মঙলবাৰৰ পৰা আৰম্ভ হোৱা Alliance airlines ৰ বিমান সেৱা ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শুভ উদ্বোধন কৰে ৷

মঙলবাৰে দুপৰীয়া 12 বজাত ডিব্ৰুগড়ৰ পৰা DO- 228 বিমানেৰে পাছিঘাট এয়াৰপোৰ্টত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী (Minister of Civil Aviation)৷ সপ্তাহত দুদিন চলাচল কৰিবলগীয়া ডিব্ৰুগড়-পাছিঘাট, পাছিঘাট-লীলাবাৰী, লীলাবাৰী-পাছিঘাট, পাছিঘাট-ডিব্ৰুগড় যাত্ৰীবাহী বিমানৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷

আৰম্ভ হ’ল পাছিঘাটৰ পৰা ডিব্ৰুগড়, লীলাবাৰী, গুৱাহাটীলৈ বিমান সেৱা

উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সেৱাক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ বিমান সেৱা হিচাবে গঢ়ি তুলি বিশ্বৰ বিমান সেৱাৰ সৈতে সংলগ্ন কৰা হ’ব বুলি মন্তব্য আগবঢ়ায় ৷ ইয়াৰোপতি মন্ত্ৰীগৰাকীয়ে ‘‘হাৱাই চেণ্ডেল পিন্ধা সাধাৰণ মনুহেও এতিয়াৰে পৰা হাৱাই জাহাজ সেৱা গ্ৰহণ কৰিব পাৰিব’’ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে । অহা তিনি সপ্তাহৰ ভিতৰত এই সেৱা অৰুণাচল প্ৰদেশৰ তেজু আৰু এমাহৰ ভিতৰত জিৰোলৈকে সম্পসাৰণ কৰা হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

আগন্তক দিনত এই বিমান সেৱা মেচুকা, টুটিং আৰু বিজয় নগৰৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মত পোষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি অৰুণাচলৰ প্ৰদেশৰ তেজুত বিমান প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে অসম-অৰুণাচল সীমান্তৰ সোলেঙীত প্ৰায় চাৰি মাহৰ ভিতৰত 650 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰি থকা বিমান বন্দৰটো উদ্বোধন কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

ইপিনে পাছিঘাট বিমান বন্দৰৰ আন্তঃগাঁথনিৰ বাবে 10 কোটি টকা আৰু তেজু বিমান বন্দৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় 70 কোটিৰ পেকেজ ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

উত্তৰ অসম, উজনি অসম আৰু অৰুণাচলৰ বিমান যাত্ৰীৰ বাবে সুখবৰ কঢ়িয়াই অনা এই বিমান সেৱা মুকলি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰণ ৰিজিজু, মুখ্যমন্ত্ৰী পেমা খাণ্ডু, বিভাগীয় মন্ত্ৰী নাকোপ নালো, সাংসদ তাপিৰ গাৱ, বিধায়ক কালিং ময়ুং, লম্বু টায়েং, নিনিং ইৰিং, ভাৰত চৰকাৰৰ সচিব ৰাজীৱ বাঞ্চাল, অৰুণাচল প্ৰদেশৰ সচিব প্ৰধান নৰেশ কুমাৰ আদিয়ে ৷

লগতে পঢ়ক: আম্বানী-আদানীক দেশ বিক্ৰী কৰাসকল কি ধৰণৰ ৰাষ্ট্ৰীয়তাবাদী : কানহাইয়া কুমাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.