ETV Bharat / state

চিয়াঙৰ উৎপত্তিস্থলত চীনে নিৰ্মাণ কৰা নদীবান্ধৰ প্ৰভাৱ পৰিব নামনি অংশত : পেমা খাণ্ডু - Yarlung Tsangpo river

অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন চিয়াং নদী উৎসৱ (Siang river festival at Pasighat) ৷ বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল পাচিঘাটৰ সন্ধিয়া ৷ চিয়াঙৰ উৎপত্তিস্থলত চীনে নিৰ্মাণ কৰা নদীবান্ধক লৈ শংকা প্ৰকাশ পেমা খাণ্ডুৰ ৷

Siang river in Arunachal
চিয়াং নদী উৎসৱ
author img

By

Published : Dec 21, 2021, 10:18 PM IST

জোনাই ২১ ডিচেম্বৰ : "চিয়াঙৰে গালং লুইতৰে খামটি আৰু টিৰাপৰে ৱানচুৱে মোক কিয় মাতিছে'', সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই লিখি উলিওৱা এই গীতটোতো শুনিলেই অৰুণাচল প্ৰদেশৰ চিয়াঙৰ পাৰৰ বাৰেৰহণীয়া সভ্যতা-সংস্কৃতিৰ উমান পোৱা যায় ৷ পাহাৰী ৰাণী হিচাপে পৰিচিত অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটৰ চিয়াং নদীৰ(Siang river in Arunachal) পাৰত অনুষ্ঠিত হৈছে চিয়াং নদী উৎসৱ ৷

সোমবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচিঘাটৰ চিয়াং নদীৰ পাৰৰ ৰাণা ঘাটত অনুষ্ঠিত হৈছে চিয়াং নদী উৎসৱ(Siang River Festival at Pasighat) ৷ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে চলি থকা 'আজাদি কা অমৃত' মহোৎসৱৰ(Azadi ka Amrit in Arunachal) লগত সংগতি ৰাখি নদী সমূহক পুনৰ উজ্জীৱিত কৰা, মুক্তি যুঁজাৰু সকলক সোঁৱৰণ আৰু অৰুণাচলৰ সংস্কৃতিক বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে চিয়াং নদী উৎসৱ ৷

সোমবাৰৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে চিয়াং নদীৰ নিৰ্মল পানীৰে হাত ধুই ডনি প’ল ধৰ্মীয় পৰম্পৰাৰে পূজা অৰ্চনা কৰি মুকলি কৰে চিয়াং নদী উৎসৱ অনুষ্ঠানৰ (Arunachal Pradesh CM inaugurates Siang river festivel) ৷ শিল্পী ডেলং পাদুনৰ গীতেৰে আৰম্ভ হোৱা চিয়াং নদী উৎসৱৰ মুকলি সভাত ইষ্ট চিয়াং জিলাৰ উপায়ুক্ত ড৹ কিন্নি সিঙে শুভাৰম্ভণী ভাষণ আগবঢ়ায় ৷

চিয়াং নদী উৎসৱ

মুকলি সভাত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপৰিও উপস্থিত থাকে অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চাওনা মিন, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ, ইষ্ট চিয়াং ৩৮ নং বিধান সভা সমষ্টিৰ বিধায়ক কালিং ময়ঙৰ লগতে ৰাজ্যখনৰ কেইবাজনো মন্ত্ৰী- বিধায়ক ৷

তিব্বতৰ পৰা বৈ অহা চিয়াং নদীৰ ওপৰত অৰ্থাৎ তিব্বতৰ য়াৰলুং চাংপো(Yarlung Tsangpo river) নদীত চীনে প্ৰায় ৬০ হাজাৰ মেগাৱাটৰ এক জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছে (China projects hydroelectric plant in Yarlung Tsangpo river) ৷ এই প্ৰকল্পই অৰুণাচলকে ধৰি চিয়াং নদীৰ নামনি অংশত থকা অসম, বাংলাদেশৰ বাবে ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ মূলতঃ চীনৰ পৰা বৈ অহা নদীবান্ধৰ পানীয়ে অৰুণাচলত সৃষ্টি কৰা বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিয়াঙৰ উৎপত্তি স্থলত নদীবান্ধ নিৰ্মাণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে চীনে ইতিমধ্যে চিয়াঙৰ উৎপত্তিস্থল য়াৰলং চাংপোত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ লোৱাৰ সম্পূৰ্ণ তথ্য লাভ কৰাত অতি সোনকালে অৰুণাচলৰ সকলো বিধায়ক তথা আদি বাঃনে কৌবাঙ(এবিকে)ক এখন কমিটি গঠন কৰি দিল্লীলৈ গৈ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত বহিব লাগে বুলি কয় পেমা খাণ্ডুৱে ৷

ইয়াৰ লগতে অৰুণাচলৰ আত্মসহায়ক গোট সমূহৰ কামক প্ৰশংসা কৰি উৎপাদনমুখী আৰু সৃষ্টিশীল কৰ্মত আত্মনিয়োগ হ'বলৈ গোট সমূহৰ প্ৰতি আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে । চিয়াং নদী উৎসৱৰ প্ৰথম দিনাৰ সন্ধিয়া আদী জনগোষ্ঠীৰ নৃত্যৰ উপৰিও বড়ো, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়ৰ আৰু মণিপুৰ ৰাস নৃত্যৰে মুখৰিত হৈ পৰে অৰুণাচলৰ পাচিঘাটৰ ৰাণাঘাট ।

লগতে পঢ়ক : IAF aircraft crash : দুবছৰত ভাৰতীয় বায়ুসেনাৰ 7 খন বিমান দুৰ্ঘটনাত পতিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.