ETV Bharat / state

জোনাইত চড়ক পূজা উদযাপন

author img

By

Published : Apr 15, 2021, 10:53 PM IST

জোনাইত বঙালী সম্প্ৰদায়ৰ লোকসকলে উলহ-মালহেৰে পালন কৰে চড়ক পূজা । মুৰ্কংচেলেক ৰে’ল ষ্টেচনৰ সমীপৰ শিৱ মন্দিৰৰ প্ৰাংগণত পৰম্পৰাগতভাৱে চড়ক পূজা পালন কৰে বঙালী সম্প্ৰদায়ৰ লোকসকলে ।

charak-puja-celebration-jonai
জোনাইত চড়ক পূজা উদযাপন

জোনাই,১৫ এপ্ৰিল: অসমৰ বিভিন্ন প্ৰান্তত চড়ক পূজা চ’ত মাহৰ সংক্ৰান্তিৰ পৰা উদযাপন হোৱাৰ দৰে জোনাইত বঙালী সম্প্ৰদায়ৰ লোকসকলে উলহ-মালহেৰে পালন কৰে চড়ক পূজা । মুৰ্কংচেলেক ৰে’ল ষ্টেচনৰ সমীপৰ শিৱ মন্দিৰৰ প্ৰাংগণত পৰম্পৰাগতভাৱে চড়ক পূজা পালন কৰে বঙালী সম্প্ৰদায়ৰ লোকসকলে । জানিব পৰা মতে, এই পূজাত কালী মা আৰু মহাদেৱক পূজা অৰ্চনা কৰা হয় । চড়ক পূজাত বিভিন্ন শিহৰণকাৰী দৃশ্য দেখা যায় ৷

জোনাইত চড়ক পূজা উদযাপন

ইয়াৰে চোকা তৰোৱালৰ ওপৰৰে খোজকঢ়া, জুইৰ অঙঠাৰ ওপৰৰে খোজকঢ়া, লোৰ শলাৰে ডিঙি, জিভা, পিঠি ফুটোৱাৰ লগতে ভক্তৰ পিঠিত বৰশী লগাই ঢেকীৰে শূন্যত কিছুসময় ধৰি ঘূৰাই ৰখাতো আটাইতকৈ শিহৰণকাৰী দৃশ্য ৷

উল্লেখ্য যে, ৰাজ্যখনত পুনৰ কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰাৰ সময়তো চড়ক পূজাৰ এনে শিহৰণকাৰী দৃশ্য চাবলৈ কোনো ধৰণৰ মাক্স পৰিধান নকৰাকৈ কিম্বা সামাজিক দূৰত্ব বজায় নৰখাকৈ হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হয় ।

লগতে পঢ়ক: বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাওঁখুংগ্ৰী উৎসৱ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.