ETV Bharat / state

Hungrani Festival : চিলাপথাৰ কেন্দ্ৰীয় হঙৰাণী উৎসৱৰ সামৰণি - Hungrani festival of Hajong tribe

ধেমাজি জিলাৰ বানেগৰকা চিমেনমুখ অঞ্চলৰ নলবাৰী হাজং গাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক চিলাপথাৰ কেন্দ্ৰীয় হঙৰাণী উৎসৱৰ সফল সামৰণি (Central Hungrani Festival at Silapathar) ।

Hungrani Festival
Hungrani Festival
author img

By

Published : Apr 28, 2023, 1:43 PM IST

চিলাপথাৰ কেন্দ্ৰীয় হঙৰাণী উৎসৱৰ সামৰণি

জোনাই, ২৮ এপ্ৰিল : ব'হাগ মানেই যেন আনন্দৰ মাহ । ৰঙালীৰ ৰঙেৰে ৰঙীয়াল হোৱাৰ সময় । ইতিমধ্যে ৰঙালীৰ সাত বিহুৰ সমাপ্তি ঘটিছে (Bohag Bihu celebrated in Assam) । কিন্তু অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক লৈ এতিয়াও ৰাজ্যৰ চৌদিশে ৰজনজনাই আছে । এই ব'হাগ মাহতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰা অনুসৰি ব'হাগ বিহু তথা ৰঙালী বিহু পালন কৰে (Rangali Bihu celebrated in Assam) । ৰাভা, মিচিং, বড়ো আদি বিভিন্ন জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে উলহ-মালহেৰে পালন কৰে বিহু ।

অসমৰ আন এক উল্লেখ্যযোগ্য জনগোষ্ঠী হৈছে হাজং । এই হাজং জনগোষ্ঠীৰে পৰম্পৰাগত উৎসৱ হৈছে হঙৰাণী উৎসৱ (Hungrani festival of Hajong tribe) । ব'হাগ বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে হাজং জনগোষ্ঠীৰ হঙৰাণী উৎসৱ অতি উলহ-মালহেৰে উদযাপন কৰা হয় ৷ এই উপলক্ষে ধেমাজি জিলাৰ বানেগৰকা চিমেনমুখ অঞ্চলৰ নলবাৰী হাজং গাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক চিলাপথাৰ কেন্দ্ৰীয় হঙৰাণী উৎসৱ (Central Hungrani Festival at Silapathar) ।

চিলাপথাৰ কেন্দ্ৰীয় হঙৰাণী উৎসৱৰ সামৰণিৰ দিনা অনুষ্ঠিত হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ উল্লেখযোগ্য যে হঙৰাণী উৎসৱ অনুষ্ঠানত হাজং জনগোষ্ঠীৰ লেৱাটানা, জাখামাৰা, গোপনী গাহেন নৃত্য, একক নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

আনহাতে, অনুষ্ঠানত ডিব্ৰুগড়ৰ ডিব্ৰুগড় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ দল এটাই হাজং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ ওপৰত ঘৰে ঘৰে গৈ ক্ষেত্ৰ অধ্যয়ন কৰাৰ লগতে হঙৰাণী উৎসৱ উপভোগ কৰে । অনুষ্ঠানত চিমেনমুখ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য সুজিত হাজঙে অঞ্চলটোৰ ৪৬ গৰাকী জ্যেষ্ঠ লোকক ৰঙালী বিহু উপলক্ষে বিহুৱান প্ৰদান কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে ৷

উল্লেখ্য, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া সংস্কৃতিৰে জীপাল হৈ আছে অসমৰ সংস্কৃতিৰ বৰপথাৰখন । প্ৰতিটো জাতি-জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা আৰু সংস্কৃতিৰ সুবাসেৰে সুবাসিত হৈ আছে অসমীয়া সংস্কৃতিৰ বৰপেৰাটো ।

লগতে পঢ়ক :Patharquerry Bohagi Utsav: পাথৰ কুৱেৰীৰ ব’হাগী উৎসৱৰ সংস্কৃতিক শোভাযাত্ৰাত মূৰ্তমান জাতি-জনগোষ্ঠীৰ লোক নৃত্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.