জোনাই, ২৯ আগষ্ট : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিবেশনৰ প্ৰচাৰ আৰু জনসংযোগ উপ-সমিতিৰ উদ্যোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰচাৰ অভিযানৰ (Jonai Annual Session of Srimanta Sankardeva Sangha) । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিবেশনৰ আদৰণী সমিতিৰ কাৰ্যালয়ৰ সমীপৰ চিমেন চাপৰি চাৰিআলিত হৰ্ডিং আঁৰি অধিবেশনৰ প্ৰচাৰ অভিযান আৰম্ভণী কৰা হয় ৷
মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিবেশনৰ প্ৰচাৰ আৰু জনসংযোগ উপ-সমিতিৰ সভাপতি বিমান শইকীয়াই (campaigning programme in Jonai) । প্ৰচাৰ অভিযানৰ বিষয়ে বক্তব্য ৰাখি বিমান শইকীয়াই কয়, ২০২৩ চনৰ ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰী তাৰিখে ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিমেন চাপৰিৰ চেৰেণ পথাৰত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ।
উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিবেশনখন (92nd Srimanta Sankardeva Sangha Jonai Session) সাফল্যমণ্ডিত কৰি তুলিবলৈ আদৰণী সমিতিৰ প্ৰচাৰ আৰু জনসংযোগ উপ-সমিতিয়ে পূৰ্ণগতিত প্ৰচাৰ অভিযান চলোৱাৰ কাম হাতত লৈছে ।
তাৰেই অংশ হিচাবে আজিৰে পৰা হৰ্ডিং আদি লগাই আনুষ্ঠানিকভাৱে প্ৰচাৰৰ কাম আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিবেশনখন সফল কৰি তুলিবলৈ সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনায় । অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিবেশনৰ বিত্ত উপ-সমিতিৰ সম্পাদক হৰেন্দ্ৰনাথ দুৱৰা, শিবিৰ নিৰ্মাণ আৰু পৰিচালনা উপ-সমিতিৰ সভাপতি দ্বীপেন গগৈ, প্ৰচাৰ আৰু জনসংযোগ উপ-সমিতিৰ সম্পাদক বেণুধৰ চুতীয়া, সহকাৰী সম্পাদক মণিৰাম বৰদলৈ, সদস্য দেৱজিৎ হাজৰিকা, নিপুণ শইকীয়া, বাবু চুতীয়া, ললিত চুতীয়া, সেৱা বাহিনী পৰিচালনা উপ-সমিতিৰ সম্পাদক দ্বীপেন দাস উপস্থিত থাকে ।
চিমেন চাপৰি চাৰিআলি, ডেকাপাম, তেলাম, লাইমেকুৰী, জোনাই অঞ্চলৰ লগতে অন্যান্য ঠাইতো হৰ্ডিং আঁৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰচাৰ কাৰ্যসূচী হাতত লয় প্ৰচাৰ আৰু জনসংযোগ উপ-সমিতিয়ে ।
লগতে পঢ়ক :বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰােভাৱ তিথি পালন