ETV Bharat / state

অসমীয়া জাতিয়ে শত্ৰুৰ আগত আঠু কাঢ়ি দ্বিতীয় শ্ৰেণী নাগৰিক হৈ জীয়াই থকা ইতিহাস নাইঃ লুৰিণজ্যোতি গগৈ - মীৰা বৰঠাকুৰ

ৰাজ্যজুৰি অব্যাহত আছে ‘কা’ বিৰোধী আন্দোলন ৷ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি, ৰঙিয়া, বিশ্বনাথ, বৰপেটাৰ বিভিন্ন স্থানত 'কা' বিৰোধী সংগ্ৰাম ৷ অসমীয়া জাতি য়ে কোনো শত্ৰুৰ ওচৰত আঠু কাঢ়ি দ্বিতীয় শ্ৰেণী নাগৰিক হিচাপে জীয়াই থকা ইতিহাস নাই ৷ ৰাইজে এইবাৰ ৰাজনৈতিকভাৱে পৰাভূত কৰিব বিজেপিক ৷ এই উদাত্ত মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ৷

'কা' বিৰোধী সংগ্ৰাম
'কা' বিৰোধী সংগ্ৰাম
author img

By

Published : Jan 10, 2020, 5:56 AM IST

নিউজ ডেস্ক, ৯ জানুৱাৰী: অসমীয়া জাতিয়ে কোনো শত্ৰুৰ ওচৰত আঠু কাঢ়ি দ্বিতীয় শ্ৰেণী নাগৰিক হিচাপে জীয়াই থকা ইতিহাস নাই ৷ এই উদাত্ত মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ৷ বৃহস্পতিবাৰে ‘কা’ৰ বিৰোধিতাৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ধেমাজি শিল্পী সমাজ আৰু ধেমাজিবাসী সহযোগত ‘ৰণশিঙা’ অংশগ্ৰহণ কৰি দিল্লীৰ ওচৰত আঠু লোৱা সৰ্বানন্দ আৰু হিমন্তক তীব্ৰ আক্ৰমণ গগৈৰ ৷

ধেমাজিত ৰণশিঙা
ধেমাজিত ৰণশিঙা

আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাইয়ে সন্ত্ৰাস আৰু হত্যাৰ বাবে চৰকাৰখনকে দায়ী কৰি দিল্লীৰ পৰা আৰক্ষী আনি ফুলকুমলীয়া পাঁচগৰাকী কিশোৰক হত্যা কৰা বুলি কয়, চৰকাৰ হে সন্ত্ৰাসবাদৰ সৃষ্টি কৰিছে বুলি তীব্ৰ সমালোচনা কৰে ৷

অব্যাহত আছে ‘কা’ বিৰোধী আন্দোলন

ধেমাজিৰ লগতে ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনতো 'কা' বিৰোধী সংগ্ৰামী শক্তি সমূহৰ এক ঐক্য আৰু সমন্বয় সমাবেশ অনুষ্ঠিত হয় । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে ৷ এই আইন কোনো পধ্যেই মানি লোৱা নহ’ব বুলি কয় জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ৷ অৱশ্যে নতুন ৰাজনৈতিক বিকল্প সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত সাংবাদিক হুছেইনে কয় যে, 'কা' বিৰোধী সভাত ২০-৩০ হাজাৰ মানুহ হোৱা মানেই নতুন ৰাজনৈতিক দলে সফল হ’ব বুলি এই মুহূৰ্তত কব নোৱাৰি । কাৰণ জিলা পৰিষদৰ নিৰ্বাচনতে ২০-৩০ হাজাৰ ভোটাৰ থাকে । তেনেস্থলত ১-২ লাখ ভোটাৰ থকা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে এতিয়াই বিকল্প ৰাজনৈতিক দলৰ চিন্তা কৰাটো সমীচীন নহ’ব বুলি কয় হাইদৰ হুছেইনে ৷

'কা' বিৰোধী সংগ্ৰাম

ইপিনে সক্ৰিয় ৰাজহুৱা কৰ্মী মীৰা বৰঠাকুৰে আছুৰ উপদেষ্টা ড0 সমুজ্জল কুমাৰ ভট্টাচাৰ্য‌ক প্ৰত্যক্ষ ৰাজনীতিত নামিবলৈ আহ্বান জনায় । সমুজ্জল ভট্টাচাৰ্য‌ই সদায় আছুত থাকিলে নহ’ব, ৰাজনৈতিকভাৱে তেওঁ দায়িত্ব ল’ব লাগিব । অন্যথা 'কা'ৰ বিৰুদ্ধে বৃহৎ সভা-সমিতি অনুষ্ঠিত কৰা আন্দোলন সমূহ বুমেৰাং হৈ পৰিব বুলি কয় মীৰা বৰঠাকুৰে । এই প্ৰতিবাদী কাৰ্যসূচীত বিশিষ্ট লেখক কিশোৰ কুমাৰ কলিতা, যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক বিজন বায়ন, এছ‌এফ‌আইৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰী, ছাত্ৰ নেতা প্ৰাঞ্জল কলিতা, সংগ্ৰামী নেতা হৰেশ্বৰ বৰ্মন আদি উপস্থিত থাকে ।

ইপিনে বিশ্বনাথতো বৃহস্পতিবাৰে আছুৰ নেতৃত্বত অনুষ্ঠিত কৰা হয় ‘কা’ বিৰোধী ’ৰণশিঙা’ ৷ সদৌ অসম ছাত্র সন্থা কে ধৰি ৩০ টা জনগোষ্ঠীৰ সংগঠনে বিশ্বনাথত ’কা’ বিৰুদ্ধে বজায় ৰণশিঙা । বিশ্বনাথ চাৰিআলি চন্দ্ৰপুৰ বাকৰিত সদৌ অসম ছাত্র সন্থা সহকাৰী সম্পাদক দুলদুলক বৰকটকী উপস্থিতত শতাধিক মহিলা পুৰুষ ছাত্র-ছাত্রীয়ে গৰজি উঠে ‘কা’ বিৰুদ্ধে । ‘কা’ আমাক নালাগে বিজেপি চৰকাৰ হায়-হায় আদি শ্ল’গানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

বৰপেটাত 'কা' বিৰোধী ৰণশিঙা
বৰপেটাত 'কা' বিৰোধী ৰণশিঙা

ধেমাজি, ৰঙিয়া বিশ্বনাথৰ লগতে বৃহস্পতিবাৰে সত্ৰনগৰী বৰপেটাতো ৰণশিঙা বজাই সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল বৰপেটাৰ ৰাইজ ৷ ৰাজ্য আৰু কেন্দ্ৰত শাসনাধিস্থিত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে অসমীয়া জাতি ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই নাগাৰা, খোল, তাল, ঢোল আদি বাদ্য বজাই জাতিধ্বংসী নাগৰিকত্ব আইনৰ বিৰুদ্ধে সংগ্ৰাম চলাই যোৱাৰ অংগীকাৰ কৰে ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে আছু নেতা কৰ্মীসকলৰ লগতে চহৰখনৰ শিল্পী, বিশিষ্ঠ ব্যক্তিৰ লগতে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদেও অংশগ্ৰহণ কৰে ৷

Intro:: অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ চাবিৰ পাকত পুতলা হৈ নাচিব পাৰা তোমালোকে : লুৰিণজ্যোতিBody:

ধেমাজি , ৯ জানুৱাৰী : । ৰাইজে এইবাৰ ৰাজনৈতিকভাৱে পৰাভুত কৰিব ৷ অসমীয়া জাতি য়ে কোনো শত্ৰুৰ ওচৰত আঠু কাঢ়ি দ্বিতীয় শ্ৰেণী নাগৰিক হিচাপে জীয়াই থকা ইতিহাস নাই ৷ এই উদাত্ত মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ৷ বৃহস্পতিবাৰে কাৰ বিৰোধিতাৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , ধেমাজি শিল্পী সমাজ আৰু ধেমাজিবাসী সহযোগত বৃহস্পতিবাৰে ৰণশিঙাত অংশগ্ৰহণ কৰি দিল্লীৰ ওচৰত আঠু লোৱা সবা’ আৰু হিমন্তক তীব্ৰ সমালোচনা কৰে

ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰী য় সমিতিৰ সম্পাদক পলাশ চাংমাইয়ে সন্ত্ৰাস আৰু হত্যাৰ বাবে চৰকাৰখনকে দায়ী কৰি দিল্লীৰ পৰা আৰক্ষী আনি ফুলকুমলীয়া পাচ গৰাকী কিশোৰক হত্যা কৰা বুলি কৈ চৰকাৰে সন্ত্ৰাসবাদ সৃষ্টি কৰিছে বুলি কয়Conclusion:

উল্লেখ্য যে প্ৰতিকূল বতৰৰ বাবে .নিধাৰিত সময়তকৈ বহু পলমকৈ
আৰম্ভ হোৱা প্ৰতিবাদী কায’সুচীত অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হয় ৷ ঘৰৰ দহোবন কাটি কৰি লক্ষাধিক জনসমাগম হয় ধেমাজি কাছাৰী ময়দানত

Speech,1. লুৰিণজ্যোতি,

Speech,2.পলাশ চাংমাই

pradunya Bharali , Dhemaji , assam , 9/1/2020
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.