জোনাই, 11 এপ্ৰিল : হেঁপাহৰ ৰঙালীক বিহুক কেন্দ্ৰ কৰি এতিয়া চৌদিশে উখল মাখল পৰিৱেশ । পিচ পৰি ৰোৱা নাই বড়ো জনগোষ্ঠীৰ লোকসকলো ৷ বড়ো জনগোষ্ঠীয় লোকসকলৰ উৎসৱ বৈশাগুক আদৰাৰ বাবে এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ।
জোনাইৰ চিমেন চাপৰিত বড়ো জনগোষ্ঠীয় লোকৰ মাজতো বৃদ্ধি পাইছে ব্যাপক তৎপৰতা ৷ ডেকা গাভৰুসকলে বাগৰুম্বা নৃত্যৰ আখৰাৰে বৈশাগুক আদৰিবলৈ চলাইছে ব্যাপক প্রস্তুতি। বড়ো জনগোষ্ঠীৰ কণ কণ শিশুৰ পৰা যুৱতী, বোৱাৰীৰ বাগৰুম্বা নৃত্যত মুখৰিত হৈ পৰিছে বড়ো গাঁৱসমূহ ৷
লগতে পঢ়ক : প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে ৰঙিয়াৰ বহুকেইখন গাঁও