ETV Bharat / state

কি হ'ব বাছ মালিক তথা কৰ্মচাৰী সকলৰ ? - ক'ভিড

লকডাউন আৰু আন্তঃজিলা যাতায়াত বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজিত বিপদত পৰিবলগীয়া হৈছে বাছ মালিক কৰ্তৃপক্ষৰ লগতে কৰ্মচাৰীসকলে ৷ অতিশীঘ্ৰে চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বাছ মালিক সন্থাৰ লগতে কৰ্মচাৰী সকলে ৷

Bus owners as well as employees are in danger of fun Due To Lockdown
কি হ'ব বাছ মালিক তথা কৰ্মচাৰী সকলৰ !
author img

By

Published : Jul 17, 2021, 8:36 AM IST

Updated : Jul 17, 2021, 9:28 AM IST

ধেমাজি, 17 জুলাই : ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ বিশেষকৈ দীঘলীয়া আংশিক লকডাউন আৰু আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধেমাজি বাছ মালিকসকল আৰু কৰ্মচাৰী সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ এসাজ খাবলৈও এতিয়া হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালসমূহত ৷

এইক্ষেত্ৰত ধেমাজিৰ বাছ মালিক আৰু কৰ্মচাৰীসকলে শুকুৰবাৰে ধেমাজি অসম ৰাজ্যিক পৰিৱহন নিগমৰ (ASTC) আস্থানত সমবেত হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁলোকে জানিবলৈ দিয়া অনুসৰি, জিলাখনত আছে 45 খনৰো অধিক বেচৰকাৰী বাছ ৷ কিন্তু দীঘলীয়া আন্তঃজিলা যাতায়ত সেৱা বন্ধ হোৱাৰ বাবে বৰ্ত মান বাছসমূহৰ ইঞ্জিন, বেটেৰী আদি বিকল হৈ পৰিছে ৷ বহু সংখ্যক লোকে বেংকৰ পৰা লোন লৈ ই এম আই (EMI)ত বাছ ক্ৰয় কৰি জীৱিকা অৰ্জন কৰি আছিল ৷

কি হ'ব বাছ মালিক তথা কৰ্মচাৰী সকলৰ ?

কিন্তু দীৰ্ঘ দিন ধৰি বাছ সেৱা বন্ধ থকাত এতিয়া মাহৰ মূৰত যিটো কিস্তি দিবলগীয়া আছিল, সেইটো পৰিশোধ কৰিব পৰা নাই বাছ মালিকসকলে ৷ ইফালে পথৰ কৰ ,ফিটনেছ চাৰ্টিফিকেটকে আদি কৰি বিভিন্ন সেৱা কৰ চৰকাৰক পৰিশোধ কৰিব লাগে মালিকসকলে ৷ কিন্তু দীৰ্ঘ দিন ধৰি বাছ চলাচল বন্ধ হোৱাত এতিয়া তেওঁলোকৰ অৱস্থা অতি জুৰুলা হৈ পৰিছে ৷

অকল সেয়াই নহয় মালিক সকলে কৰ্মচাৰীসকলকো দিব পৰা নাই মাহৰ দৰমহা ৷ দুৰণীবতীয়া বাছ এখনত নিয়োজিত হৈ থাকে তিনিগৰাকীকৈ কৰ্মচাৰী ৷ এনেক্ষেত্ৰত এই উদ্যোগৰ লগত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত প্ৰায় এক হাজাৰ পৰিয়ালৰ মাজত নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে ৷ ইয়াৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণে বাছ মালিক তথা বাছৰ কৰ্মচাৰী সকলৰ বাবে প্ৰদক্ষেপ ল'ব লাগিছিল, এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে ৷

আনফালে, দীঘলীয়াকৈ বাছ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও ৰে'ল চলাচলত চৰকাৰে তেনে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে ৷ গতিকে বাছ মালিক আৰু কৰ্মচাৰী সকলৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি অতি শীঘ্ৰে চৰকাৰক তেওঁলোকৰ বিভিন্ন কৰ সমূহ ৰেহাই দি সকাহ দিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক-নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ পৰা লাভ কৰিব স্মাৰ্ট ফোন

Last Updated : Jul 17, 2021, 9:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.