ETV Bharat / state

জোনাইত ভগ্নপ্ৰায় মথাউৰি : আতংকত দিন কটাইছে গাঁওবাসীয়ে

জোনাইত ভগ্নপ্ৰায় মথাউৰিক লৈ আতংকত দিন কটাইছে লোকসকলে ৷ জল দেৱতাক শান্ত কৰিবলৈ ধূপ - ধূনা দি পূজা অৰ্চনা কৰি গাঁওবাসীয়ে ৷

আতংকত দিন কটাইছে জোনাইৰ লোকে
author img

By

Published : Jul 21, 2019, 8:32 PM IST

জোনাই, 21 জুলাই : ৰাজ্যৰ বান বিভীষিকাৰ মাজতে জোনাইতো ভয়ংকৰ খহনীয়াৰ আতংকত দিন কটাইছে ওচৰ - পাজৰৰ লোকসকলে ৷ ধাৰাষাৰ বৰষুণৰ ফলত চিয়াং নদীত ইতিমধ্যেই জাহ গৈছে দহৰোধিক পৰিয়ালৰ ঘৰ - বাৰী আৰু দোকান - পোহাৰ ৷ যিকোনো মুহূৰ্ততে মথাউৰি ছিঙি ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱানা দেখা দিয়াত দিশহাৰা হৈ পৰিছে কুৰিৰো অধিক গাঁৱৰ শ শ পৰিয়াল ৷

আতংকত দিন কটাইছে জোনাইৰ লোকে

এই ভয়ংকৰ খহনীয়াৰ ফলত একাংশ লোকে মথাউৰিত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উপায়হীন তথা আতংকিত একাংশ মহিলাই জল দেৱতাক শান্ত হ'বলৈ ধূপ - ধূনা জ্বলাই পূজা অৰ্চনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াইছে ৷

Intro:Body:জোনাইত যিকোনো মুহূৰ্তত মথাউৰি ছিঙি জলমগ্ন হব কুৰিৰো অধিক গাঁও /খহনীয়াত উপায়হীন তথা আতংকিত একাংশ মহিলাই জল দেৱতাক শান্ত হবলৈ ধূপ জ্বলাই পূজা অৰ্চনা

জোনাই ২১ জুলাই
ইফালে বান বিভীষিকাৰ পিছতে জোনাইত পুনৰ ভংয়কৰ খহনীয়াই সৄষ্টি কৰিছে ৰাজ্যৰ মাজত আতংকৰ | চিয়াং নদীৰ তীব্ৰ খহনীয়াত খহনীয়াত বেৰাচাপৰি, বেৰা বেংগলীত নদীৰ বুকুত নদীৰ বুকুত জাহ গল দহৰোধিক পৰিয়াল ঘৰ বাৰী| জাহ গৈছে দোকান ঘৰ| চিয়াং নদীৰ তীব্ৰ খহনীয়াই বেৰা বেংগলীত যিকোনো মুহূৰ্ততে মথাউৰি ছিঙি এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনাই দেখা দিয়াত দিশহাৰা হৈ পৰিছে কুৰিখনৰো অধিক গাঁৱৰ শ শ পৰিয়ালৰ লগতে কেবাখনো বিদ্যালয়ৰ | চিয়াং নদীৰ এনে ভয়ংকৰ খহনীয়াত আতংকিত হৈ আপোন ঘৰখন ভাঙি একাংশ লোকে পৰিয়ালসহ  ওখ মথাউৰি আশ্ৰয় গ্ৰহণ কৰাৰ বিপৰীতে একাংশ লোকে ঢাপলি মেলিছে ওখ আৰু নিৰাপদ স্থান বিচাৰি | আধা খহাই নিয়া মথাউৰিক গছৰ ডাল পাত পেলাই ৰুধিবলৈ আপ্ৰাণ চেষ্টা কৰিছে একাংশ লোকে | এনে দুৰ্যোগৰ সময়ত উপায়হীন তথা আতংকিত একাংশ মহিলাই জল দেৱতাক শান্ত হবলৈ ধূপ জ্বলাই পূজা অৰ্চনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰে |

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.