ETV Bharat / state

Jonai Bodo medium day celebration: গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়োৱাৰ সিদ্ধান্ত মাতৃ ভাষাৰ প্ৰতি ভাবুকি - বড়ো মাধ্যম দিৱস

চিমেন চাপৰিত বড়ো সাহিত্য সভা আৰু এবছুৰ উদ্যোগত ৬১ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হয় (Bodo medium day celebrated in Jonai) ৷ উক্ত অনুষ্ঠানত সকলোৱে মত পোষণ কৰে যে গণিত আৰু বিজ্ঞান, এই বিষয় দুটা ষষ্ঠ শ্ৰেণীত চৰকাৰে ইংৰাজী মাধ্যমত পঢ়াবলৈ লোৱা সিদ্ধান্তই মাতৃ ভাষাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব ৷

bodo medium day
৬১ সংখ্যক বড়ো মাধ্যম দিৱস
author img

By

Published : May 19, 2023, 10:46 AM IST

জোনাই, ১৮ মে’ : বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতি আৰু এবছুৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৃহস্পতি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস চিমেন চাপৰিস্থিত জোনাই জিলা বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয় । অনুষ্ঠানৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে জোনাই জিলা বড়ো সাহিত্য সভাৰ সভাপতি দিলীপ বসুমতাৰীয়ে (Bodo medium day celebrated in Jonai) । পুৱা ৯-৩০ বজাত শ্বহীদ তৰ্পণ কৰে জোনাই জিলা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই আৰু শ্বহীদৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে জোনাই জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি ধনেশ্বৰ নাৰ্জাৰীয়ে ।

পুৱা ১০-৩০ বজাৰ পৰা দিলীপ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্ধোধন কৰি ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় ১৯৫২ চনত জয়ভদ্ৰ হাগজেৰক সভাপতি আৰু সোনাৰাম থাওচেনক সাধাৰণ সম্পাদক হিচাপে লৈ বড়ো সাহিত্য সভা গঠন হৈছিল আৰু বড়ো সাহিত্য সভাৰ নেতৃত্বই কৰি অহা দাবীৰ ফলশ্ৰুতিত ১৯৬৩ চনৰ ১৮ মে'ত অসমীয়া লিপিৰ মাধ্যমেৰে প্ৰাথমিক বিদ্যালয়লৈ বড়ো ভাষাক স্বীকৃতি প্ৰদান কৰা হয় । ইয়াৰ পাচতে ১৯৬৮ চনৰ ২৮ ছেপ্তেম্বৰত এম ই স্কুল, ১৯৭২ চনৰ ৬ আগষ্টত হাইস্কুল পৰ্যায়লৈ আৰু ১৯৭৬ চনত প্ৰাক বিশ্ববিদ্যালয়লৈ বড়ো ভাষা স্বীকৃতিৰ উন্নীতকৰণ হোৱাৰ পিচত ১৯৭৮ চনৰ ২৯ ফেব্ৰুৱাৰীত স্নাতক মহলালৈ, ১৯৯৬ চনৰ ৮ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ২০১৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পৰ্যায়ত বড়ো ভাষাক স্বীকৃতি প্ৰদান কৰা হয় ৷

শেহতীয়াকৈ সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰৰ অধীনত বড়ো মাধ্যম আৰু অন্যান্য জনজাতীয় ভাষা সঞ্চালকালয় গঠন কৰাৰ লগতে বড়ো ভাষাই অসম চৰকাৰৰ সহযোগী ভাষা হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি বক্তব্য আগবঢ়াই মনোৰঞ্জন বসুমতাৰীয়ে পুনৰ কয় বড়ো ভাষাই মাধ্যম হিচাপে স্বীকৃতি লাভ কৰা ৬১ বছৰত ভৰি দিলে যদিও বিটিএডিৰ বাহিৰৰ ধেমাজি, লখিমপুৰ, গোলাঘাট, মৰিগাঁও, কামৰূপ মহানগৰ, গোৱালপাৰা জিলাৰ বাহিৰে প্ৰায় তেৰখন জিলাতে বড়ো মাধ্যমৰ বিদ্যালয় নথকাটো অতি দুৰ্ভাগ্যজনক বিষয় হিচাপে পৰিগণিত হৈছে ৷ তেওঁ পুনৰ কয় বড়ো ভাষাৰ প্ৰতি অহা এনে জটিল পৰিস্থিতিৰ সময়তে গণিত আৰু বিজ্ঞান বিষয় দুটা ষষ্ঠ শ্ৰেণীত ইংৰাজী মাধ্যমত পঢ়াবলৈ চৰকাৰে লোৱা সিদ্ধান্তই মাতৃ ভাষাক ধ্বংসৰ পিনে ঠেলি দিব ৷ চৰকাৰৰ এনে সিদ্ধান্তই মাতৃ ভাষাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে বুলি কৈ বড়ো জাতীয় সংগঠন সমূহক এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় (Bodo medium day ) ।

মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় বড়ো জাতিৰ ভাষাপ্ৰেমী ৰাইজে বহু কষ্টৰ মাজেৰে বাঁহ, কাঠ কাটি স্কুল স্থাপন কৰি বড়ো ভাষা মাধ্যমৰ শিক্ষা প্ৰসাৰৰ বাবে অৱদান আগবঢ়াই গৈছে ৷ বড়ো সাহিত্য সভাই বড়ো ভাষাৰ উন্নয়নৰ বাবে দীঘলীয়া সংগ্ৰাম চলাই আহিছে, যাৰ ফলত আজি বড়ো ভাষাই বিশ্ববিদ্যালয় পৰ্য্যায়লৈকে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বুলিও বক্তব্য ৰাখে তেওঁ ৷ বড়ো মাধ্যম দিৱসৰ দিনা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা উচিত যাতে শিক্ষাৰ্থীসকলৰ সাহিত্য প্ৰতিভা বিকাশ হোৱাৰ লগতে বড়ো ভাষা শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰতো অৰিহণা যোগায় বুলি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় মিহিনিশ্বৰ বসুমতাৰীয়ে ।

বিশিষ্ট অতিথি হিচাপে এবছুৰ সম্পাদক বডোছা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সম্পাদিকা সৌৰ্জিলা ওৱাৰী, বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যনিবাহক ভূমিধৰ বড়োৱে বড়ো সাহিত্য সভাৰ ইতিহাস আৰু হাতত লৈ অহা কাৰ্যপন্থাৰ লগতে সফলতাৰ বিষয়ে বক্তব্য আগবঢ়ায় । অনুষ্ঠানত বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ উপদেষ্টা সোণেশ্বৰ বসুমতাৰী, ললিত চন্দ্ৰ বড়ো, চবেত বসুমতাৰী, মনোৰাম বড়ো, সম্পাদক অনন্ত ৰামচিয়াৰী, বাথৌ মহাসভা যুৱ সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ বসুমতাৰী, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পনকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী, ইউবিপিঅৰ সাংস্কৃতিক সম্পাদক নিৰ্মল ব্ৰহ্ম‌‌‌, ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ধেমাজি জিলা পৰিষদৰ সদস্যা শোভাৰাণী বসুমতাৰী, এবছুৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি সুৰজিৎ নাৰ্জাৰী, আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম উপস্থিত থাকে । সভাত ছাত্ৰী সকলে বড়ো নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।

লগতে পঢ়ক : Pathetic Story of a Young Boy: মাতৃ স্নেহৰ পৰা বঞ্চিত, দৰিদ্ৰ পৰিয়ালৰ এজন যুৱকৰ কৰুণ গাঁথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.