ETV Bharat / state

চৰকাৰলৈ কাতৰ আহ্বান লক ডাউনে জুৰুলা কৰা দুটা দৃষ্টিহীন পৰিয়ালৰ - লক ডাউনৰ বাবে তথৈবচ অৱস্থা হৈছে ধেমাজিৰ দুটা দৃষ্টিহীন পৰিয়ালৰ

মহামাৰী কৰ'ণাৰ আতংকৰ বাবে বিভিন্ন ক্ষেত্ৰত আহি পৰিছে জটিলতা ৷ বিশেষকৈ দিন মজুৰি কৰি জীয়াই থকা আৰু বিশেষভাৱে সক্ষম লোকসকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছে ৷ ইয়াৰ মাজতে এটা দুঃখবৰ আহিছে যে,লক ডাউনৰ বাবে তথৈবচ অৱস্থা হৈছে ধেমাজিৰ দুটা দৃষ্টিহীন পৰিয়ালৰ ৷ দুয়োটা পৰিয়ালে সহায় বিচাৰি চৰকাৰলৈ জনাইছে কাতৰ আহ্বান ৷

blind families request to govtment for help
চৰকাৰলৈ কাতৰ আহ্বান লক ডাউনে জুৰুলা কৰা দুটা দৃষ্টিহীন পৰিয়ালৰ
author img

By

Published : Jun 21, 2020, 3:26 PM IST

ধেমাজি , ২১ জুনঃ লক ডাউনে জুৰুলা কৰিছে বহুজনৰ জীৱন ৷ বিশেষকৈ দিন মজুৰি কৰি জীয়াই থকা আৰু বিশেষভাৱে সক্ষম লোকসকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছে ৷ ইয়াৰ মাজতে এটা দুঃখবৰ আহিছে যে,লক ডাউনৰ বাবে তথৈবচ অৱস্থা হৈছে ধেমাজিৰ দুটা দৃষ্টিহীন পৰিয়ালৰ ৷ পূৰ্বতে ৰে'ল ষ্টেচন , ৰে'লৰ ডবা , বাছ আস্থান আদিত গীত গাই ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰি আছিল তেওঁলোকে কিন্তু কৰ'ণাৰ গ্ৰাসত পৰি এৰিবলগীয়া হৈছে নিজৰ দৈনন্দিন বৃত্তি ৷ কৰ'ণাই যেন ৰুদ্ধ কৰিছে তেওঁলোকৰ জীয়াই থকা একমাত্ৰ পথটো । দৈনন্দিন মজুৰি অবিহনে দিকবিদিক হেৰুৱাই পেলাইছে এতিয়া পৰিয়াল দুটাই ৷

চৰকাৰলৈ কাতৰ আহ্বান লক ডাউনে জুৰুলা কৰা দুটা দৃষ্টিহীন পৰিয়ালৰ

তেওঁলোকৰ এগৰাকী হৈছে ধেমাজিৰ ভৰালীচুক গাৱঁৰ ১নং তেলিজান পাৰৰ বাসিন্দা হেমচন্দ্ৰ বৰা আৰু পত্নী শেৱালি বৰা । তেওঁ জনোৱা মতে, তেওঁলোক দুয়ো অন্ধ । সৰুৰে পৰা অন্ধ হেমচন্দ্ৰই অন্ধ বিদ্যালয়ৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈ বন্ধুৰ সৈতে মিলি গীত গাই ভিক্ষা বৃত্তিৰে জীয়াই থকাৰ পথ বাছি লয় । তাৰ মাজতেই অন্ধ পত্নীকো সহযোগী হিচাপে লয় । অৱশ্যে দুয়ো অন্ধ যদিও সকলোবোৰ কাম বুজাবুজিৰে উপলব্ধি আৰু অনুভৱেৰে নিয়াৰিকৈ কৰি যাব পাৰে ।তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী হিচাপে এটা সক্ষম পুত্ৰ সন্তান , বোৱাৰী আৰু কনমানি দুটি নাতিৰ সৈতে বাস কৰে । সেইদৰে হেমচন্দ্ৰৰ এগৰাকী অন্ধ বন্ধু হৈছে ধেমাজিৰ ৰে'লৱে ষ্টেচন বালি গাঁৱৰ দেৱেশ্বৰ শইকীয়া । তেওঁ জানিবলৈ দিয়া মতে জীৱনৰ আদবাটত তেওঁ দুয়োটা চকুৰে নেদেখা হৈ পৰে যদিও অন্ধ স্কুলৰ পৰা উচ্চ মাধ্যমিকত উত্তীৰ্ণ হৈছে । তেওঁৰ পৰিবাৰ যদিও সক্ষম দেৱেশ্বৰে সকলো কাম পূৰ্বৰ অভিজ্ঞতা মতে উপলব্ধিৰে অনায়াসে কৰিব পাৰে ৷ উপলদ্ধি আৰু অনুভৱৰ সৈতে জীৱন যুঁজত বৰ্তি থকা পৰিয়াল দুটাই এতিয়া দিকবিদিক হেৰুৱাইছে কৰ'ণাৰ আতংকৰ বাবে ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ আগত ‌ সেয়ে আটাইকেইগৰাকীয়ে আৰ্থিক সাহাৰ্য বিচাৰি চৰকাৰক জনাইছে কাতৰ আহ্বান । কাৰণ লক ডাউন শিথিল হ'লেও ৰাজহুৱা স্থানত এতিয়া আৰু পূৰ্বৰ দৰে গীত গাই উপাৰ্জন কৰাৰ পৰিৱেশ নাই ।

লগতে পঢ়কঃমানৱতাৰ বাৰ্তা লৈ মুক্ত আকাশত দুষ্পাপ্য শেন চৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.