ধেমাজি, ২৪ ডিচেম্বৰ: ৰাজ্যত এতিয়া প্ৰচণ্ড শীত ৷ দুবেলা-দুমুঠি অতি কষ্টেৰে যোগাৰ কৰা দৰিদ্ৰ লোকসকলক এতিয়া হাঁড় কঁপোৱা জাৰে বাৰুকৈয়ে সমস্যাত পেলাইছে । এফালে শীতৰ প্ৰকোপ দিনক দিনে বাঢ়িছে, আনফালে এখন গৰম কাপোৰৰ অভাৱত কষ্টেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে এই লোকে । সেয়ে এই প্ৰচণ্ড শীতত কিছু সকাহ দিয়াৰ উদ্দেশ্যে সহায়ৰ হাত আগবঢ়াইছে ধেমাজিৰ অন্যতম সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান মনালিছা আৰ্ট একাডেমীয়ে ৷
অনুষ্ঠানটোৱে বৃহস্পতিবাৰে ধেমাজি ৰে'ল ষ্টেছনৰ সমীপৰ নিমাতিচুক, সদৰ আৰক্ষীৰ থানাৰ সমীপৰ বিষ্ণুমন্দিৰত বাস বহুকেইটা দৰিদ্ৰ পৰিয়ালৰ মাজত একোখনকৈ কম্বল বিতৰণ কৰে ৷ কম্বল বিতৰণ সময়ত সহযোগ কৰে সামাজিক অনুষ্ঠানটিৰ সভানেত্ৰী, সম্পাদক প্ৰণৱ দিহিংগীয়া, সমন্বয়ক ড০ পূৰৱী দুৱৰা, কোষাধ্যক্ষ গীতাঞ্জলি মিপুন আৰু সদস্য জয়নুল আলি উপস্থিত থাকে ।
স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এনে মহান কাৰ্যক শলাগ লৈছে ধেমাজিৰ সচেতন নাগৰিকে ৷ আনহাতে, অভাৱৰ সময়ত কম্বল লাভ কৰি যথেষ্ট সকাহ পাইছে দৰিদ্ৰ লোকসকলে ।
লগতে পঢ়ক:মৰিগাঁৱত অসম জাতীয় পৰিষদৰ যোগদান সভা