ETV Bharat / state

ধেমাজিত বিজেপি কৰ্মী আৰু যুৱ ছাত্ৰ পৰিষদৰ মাজত সংঘাত - black flag show by ajycp

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৰ্মীক প্ৰহাৰৰ অভিযোগত উত্থাল ধেমাজি ৷ বিজেপিৰ গ্ৰাম্য মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ সমীপত ক'লা পতাকা দেখুওৱা যুৱ ছাত্ৰ পৰিষদৰ সদস্য আৰু স্থানীয় মহিলাক বিজেপি কৰ্মীৰ প্ৰহাৰ ৷

ধেমাজিত বিজেপি কৰ্মী আৰু যুৱ ছাত্ৰ পৰিষদৰ মাজত সংঘাত

author img

By

Published : Feb 29, 2020, 6:35 PM IST

ধেমাজি, 29 ফ্ৰেব্ৰুৱাৰী : ধেমাজি জিলা বিজেপিৰ গ্ৰাম্য মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ সমীপত ক'লা পতাকা দেখুওৱা যুৱ ছাত্ৰ পৰিষদৰ সদস্য আৰু স্থানীয় মহিলাক বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ধেমাজিৰ বিধায়ক ড৹ ৰনোজ পেগুৰ উপস্থিতিত আৰু আৰক্ষীৰ উপস্থিততে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীক প্ৰহাৰ ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৰ্মীক প্ৰহাৰৰ অভিযোগ

ধেমাজিৰ পাঁচআলিত বিজেপিৰ গ্ৰাম্য মণ্ডলৰ কাৰ্যনিৰ্বাহক সভালৈ বিধায়ক ৰনোজ পেগুৰ আগমণক লৈ ক'লা পতাকা প্ৰদৰ্শন কৰিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই ৷

গণতান্ত্ৰিকভাৱে কা বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰা যুৱ ছাত্ৰৰ কমীক প্ৰহাৰ কৰা কাৰ্যক লৈ ক্ষুদ্ধ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে ৷ লগতে 24 ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰা লগতে বিধায়কগৰাকীৰো স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে ৷ অন্যথা যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ’লে তাৰ বাবে জিলা প্ৰশাসন জগৰীয়া হ’ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.