জোনাই 24 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত সংঘটিত হৈ আছে সৰু-বৰ নিৰ্বাচনী হিংসাৰ ঘটনা ৷ ৰাজনৈতিক নেতাসকলৰ মাজত বাকযুদ্ধ আৰম্ভ হোৱাৰ সমান্তৰালকৈ ৰাজ্যখনৰ কিছু প্ৰান্তত দলীয় কৰ্মীসকলৰ মাজত সংঘৰ্ষ সংঘটিত হৈছে । মঙলবাৰে জোনাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী, দলীয় কৰ্মী হিতেশ পেগু, ৰাজীৱ পেগু আৰু বিজু পেগুৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
চিগা পঞ্চায়তৰ চন্তপুৰ গাঁৱত কংগ্ৰেছ কৰ্মী কেইজনে আলহীৰ ঘৰত থকা অৱস্থাত তুলাৰাম ময়ং আৰু সঞ্জীৱ পাটিৰ নামৰ দুজন বিজেপি কৰ্মীয়ে দিনৰ প্ৰায় ৩.৩০ বজাত তিনিজন কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰে ৷ উল্লেখ্য যে, আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে কংগ্ৰেছ কৰ্মী সকলে জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ আক্ৰমণকাৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ জোনাই থানাৰ প্ৰাংগনত কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ দাদাগিৰি নচলিব, ভূৱন পেগুৰ গুণ্ডাগিৰি নচলিব বিভিন্ন শ্লোগান দি জোনাই আৰক্ষী থানা চৌহদ উত্তাল কৰি তোলে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জোনাই থানাত ভাৰতীয় দণ্ডাবিধি আইনৰ us 341/325/427/385/34 ipc ৰ ধাৰাৰ অধীনত 51/2021 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃ নাওবৈচাত জয়ন্ত খাউণ্ডৰ হৈ নির্বাচনী প্ৰচাৰ ৰণজিৎ দাসৰ