ETV Bharat / state

MLA Prasanta Phukan: ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত আক্ৰমণ; অভিযুক্ত মদন শ্বাহক গ্ৰেপ্তাৰ - MLA Prasanta Phukan attacked

কথমপি ৰক্ষা পৰিল বিধায়ক প্ৰশান্ত ফুকন ৷ ডিব্ৰুগড়ৰ পৌৰসভা কাৰ্যালয়তে এটা বিশাল দলে আক্ৰমণৰ লক্ষ্য কৰি লয় বিধায়ক ফুকনক ৷ আৰক্ষীৰ উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ ৷

MLA Prasanta Phukan
MLA Prasanta Phukan
author img

By

Published : Aug 19, 2023, 6:19 PM IST

Updated : Aug 19, 2023, 9:11 PM IST

ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত আক্ৰমণ

ডিব্ৰুগড়, 19 আগষ্ট: নিজ সমষ্টিতে এইবাৰ আক্ৰমণৰ বলি হ’ল বিধায়ক প্ৰশান্ত ফুকন ৷ মদন শ্বাহ নামৰ এজনৰ নেতৃত্বত অহা প্ৰায় 200 জনীয়া এটা গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰে বিধায়কগৰাকীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ ডিব্ৰুগড় পৌৰসভা কাৰ্যালয়তে সংঘটিত হয় এই ঘটনা ৷

এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক প্ৰশান্ত ফুকনৰ । এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি বিধায়ক গৰাকীয়ে কয়, ‘‘ডিব্ৰুগড় চহৰখনত অবৈধভাৱে পদপথ দখল কৰি থকা সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ চলাইছিল ডিব্ৰুগড় পৌৰসভা আৰু প্ৰশাসনে । ইয়াতে ক্ষোভিত হৈ এইসকল অবৈধ ব্যৱসায়ীয়ে এই ঘটনা সংঘটিত কৰিলে ।’’

জানিব পৰা মতে শনিবাৰে ডিব্ৰুগড় পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ সভা ৷ এই সভাত উপস্থিত আছিল বিধায়ক প্ৰশান্ত ফুকন ৷ ডিব্ৰুগড় চহৰৰ বিভিন্ন সমস্যাক লৈ এই সভা আয়োজন কৰা হৈছিল ৷ কিন্তু অন্য এখন সভা থকাৰ বাবে আধাতে সভা এৰি পৌৰসভা কাৰ্যালয়ৰ পৰা ওলাই গৈছিল ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ৷

ইয়াৰ পাছতেই বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত আক্ৰমণ কৰে একাংশই ৷ মদন শ্বাহ নামৰ এজন ব্যক্তিৰ নেতৃত্বত এদল প্ৰায় 200 জনীয়া গুণ্ডা বাহিনীয়ে বিধায়কৰ বাহন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাহনত আক্ৰমণ কৰে ৷ অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিধায়ক গৰাকীক উদ্ধাৰ কৰে ৷ এই ঘটনাৰ পাছতেই পৌৰসভা কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

বৈঠক চলি থকাৰ সময়তে হোৱা এই আক্ৰমণৰ পৰা বিধায়কগৰাকী ৰক্ষা পৰিলেও আহত হয় 5নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ দিব্যজ্যোতি হাজৰিকা ৷ লাভ কৰা তথ্য অনুসৰি ডিব্ৰুগড় চহৰখনত অবৈধভাৱে পদপথ দখল কৰি থকা সকলো ব্যৱসায় প্ৰতিষ্ঠান কিছুদিন পূৰ্বে উচ্ছেদ চলালে ডিব্ৰুগড় পৌৰসভা আৰু প্ৰশাসনে ৷ ইয়াতে ক্ষোভিত অবৈধভাৱে বিপণি স্থাপন কৰা ব্যৱসায়ীসকলে মদন শ্বাহৰ নেতৃত্বত এই আক্ৰমণ সংঘটিত কৰে ।

ইতিমধ্যে ঘটনাৰ লগত জড়িত অভিযুক্ত মদন শ্বাহক গ্ৰেপ্তাৰৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷

এই কাৰ্যত নেতৃত্ব প্ৰদান কৰা মদন শ্বাহৰ ওপৰত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে বুলিও কয় বিধায়ক প্ৰশান্ত ফুকনে ।

লগতে পঢ়ক: Rajen Gohain upset : 2 ঘণ্টা অপেক্ষা কৰাৰ পিচতো মুখ্যমন্ত্ৰীয়ে লগ নকৰাৰ অভিযোগ ৰাজেন গোঁহাইৰ

Last Updated : Aug 19, 2023, 9:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.