ETV Bharat / state

ধেমাজিত জিলা বিজেপিৰ কাৰ্যনির্বাহক সভা

author img

By

Published : Dec 30, 2020, 2:50 PM IST

আগন্তুক নির্বাচনত দলৰ সাংগঠনিক স্থিতি সবল কৰাৰ উদ্দেশ্যে ধেমাজিৰ চিমেনচাপৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনির্বাহক সভা অনুষ্ঠিত । সভাত উপস্থিত ধেমাজি জিলাৰ প্ৰভাৰী ইন্দ্ৰ গগৈ, দলৰ ৰাজ্যিক মুখপাত্ৰ অশ্বিনী পাইতকে ধৰি জিলা সমিতি আৰু মণ্ডল সমিতিসমূহ ।

ধেমাজি জিলা বিজেপিৰ কাৰ্যনির্বাহক সভা সম্পন্ন

ধেমাজি, ৩০ ডিচেম্বৰ: মংগলবাৰে ধেমাজিৰ চিমেনচাপৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনির্বাহক সভা অনুষ্ঠিত হয় । আগন্তুক নির্বাচনক কেন্দ্ৰ কৰি দলৰ সাংগঠনিক স্থিতি সবল কৰাৰ উদ্দেশ্যে এই সভাখন অনুষ্ঠিত কৰা হয় । লক্ষণীয় কথাটো হ'ল যে জোনাইৰ বিধায়ক ভূৱন পেগুৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা প্ৰভাৰী ইন্দ্ৰ গগৈয়ে কয় যে দলৰ দুৱাৰ সকলোৰে বাবে খোলা আছে কিন্তু নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰিবনে নকৰে সেয়া ৰাজ্যিক সমিতিয়ে সিদ্ধান্ত কৰিব ।

উল্লেখযোগ্য যে যোৱাটো নিৰ্বাচনত নতুনকৈ বিজেপিত যোগদান কৰা কেইবাজনো বিধায়কক নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়াবলৈ প্ৰাৰ্থীত্ব দিয়া হোৱা নাছিল । ইফালে ভূৱন পেগুৰ বিজেপিত যোগদান কৰাৰ বিষয়ক লৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ অশ্বিনী পাইতে কটাক্ষ কৰি পেগুৱে বিজেপিৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছে বুলি কয় ।

মংগলবাৰে অনুষ্ঠিত হোৱা সভাখনত ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই সভাপতিত্ব কৰা সভাখনত দলৰ ধেমাজি জিলাৰ প্ৰভাৰী ইন্দ্ৰ গগৈ, দলৰ ৰাজ্যিক মুখপাত্ৰ অশ্বিনী পাইতকে ধৰি জিলা সমিতি আৰু মণ্ডল সমিতিসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: বিদ্যালয়ৰ অভাৱত হাতত কিতাপ-বহী লৈ প্ৰতিবাদ শতাধিক ছাত্ৰ-ছাত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.