ETV Bharat / state

BJP Leader detained: ৰ’ড চুৰি কৰি জোনাইত আটক BJP নেতা সন্তোষ বৰগোহাঁই

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:58 AM IST

জোনাইত চোৰাংভাৱে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ ৰ’ড আৰক্ষীয়ে জব্দ কৰে ৷ তাৰ পিচতে চোৰাং ৰ’ডৰ মূল খলনায়ক সন্তোষ বৰগোহাঁইক আৰক্ষীৰ গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ গ্ৰেপ্তাৰৰ পিচতে চোৰাংভাৱে সৰবৰাহ কৰা ৰ’ডৰ মূল খলনায়ক সন্তোষ বৰগোহাঁইক উচিত শাস্তি বিহিবলৈ দাবী জনায় TMPK এ ৷

BJP leader Santosh Borgohain detain for iron rod theft
আটক BJP নেতা সন্তোষ বৰগোহাঁই
আটক BJP নেতা সন্তোষ বৰগোহাঁই

জোনাই, 31 আগষ্ট : দুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ ৰুকচিন আৰু জোনাইত অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযান চলাই চোৰাংভাৱে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ ৰ’ড জব্দ কৰা হয় । অৰুণাচল প্ৰদেশ সীমান্তৰ বান্দৰদোৱা থানাৰ এটা চুৰি গোচৰৰ ভিত্তিত অৰুণাচল প্ৰদেশৰ ৰুকচিন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া Nyto Sora ৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চলায় অভিযান ৷

এই অভিযানত আৰক্ষীৰ দলটোৱে 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাচিঘাটৰ চেক গেটত প্ৰায় 8 টন ৰ’ড জব্দ কৰে ৷ আনকি সৈতে মূল পথেদি নগৈ চোৰাংকৈ তৰাজান পথেৰে যোৱা AS 07 AO 2773 নম্বৰৰ এখন পিক আপ বাহন পাচিঘাট চেক গেটত জব্দ কৰে আৰক্ষীয়ে । ইয়াৰ লগতে আৰক্ষীয়ে ব্যৱসায়ী অমূল্য বৰি আৰু বাৰ্মা চাহুক আটক কৰে ৷

আনহাতে, দুদিন পূৰ্বে সন্ধিয়া সময়ত ৰুকচিন থানাৰ আৰক্ষী আৰু জোনাই আৰক্ষীৰ যুটীয়া অভিযানত জোনাই থানা অন্তৰ্গত জনেকাৰেঙত প্ৰায় 12 টন চোৰাং ৰ’ড জব্দ কৰা হয় । জানিব পৰা মতে, বিগত 25 আগষ্ট তাৰিখে বান্দৰদোৱাৰ সত্যম স্পাট উদ্যোগৰ পৰা তিনিচুকীয়ালৈ ৰপ্তানি কৰিছিল প্ৰায় 27 টন ৰ’ড ৷

BJP Leader detained
আটক BJP নেতা সন্তোষ বৰগোহাঁই

কিন্তু ৰ’ডখিনি তিনিচুকীয়ালৈ নিয়াৰ পৰিৱৰ্তে জোনাই জোনকাৰেংস্থিত অমূল্য বৰিৰ ব্যৱসায় প্ৰতিষ্ঠানত বিক্ৰী কৰে ৷ জানিব পৰা মতে, ইয়াৰ লগত জড়িত আছে গাড়ী চালক প্ৰদীপ দৰ্জী আৰু ভাৰতীয় জনতা পাৰ্টি পূব জোনাই যুৱ মৰ্চাৰ সভাপতি সন্তোষ বৰগোহাঁই ৷

উল্লেখ্য যে, বান্দৰদোৱা থানাৰ গোচৰ নং বি/পি/এছ 34/32 ভাৰতীয় দণ্ডবিধি আইন 381 ধাৰাত গোচৰ ৰুজু কৰি বৰ্তমান বান্দৰদোৱা আৰক্ষীয়ে ৰুকচিন থানাত উপস্থিত হৈ জোনাই জোনকাৰেঙৰ অমূল্য বৰি বিপনিৰ কৰ্মচাৰী আৰু ভিয়ান ইন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী বাৰ্মা চাহুক সোধাপোচা কৰে ৷ তাৰ পাচত জোনাইৰ স্থানীয় জাতীয় সংগঠনৰ সহযোগত সত্যম স্পাট উদ্যোগৰ পৰা চুৰি কৰি বিক্ৰী কৰা BJP পূব জোনাই যুৱ মৰ্চাৰ সভাপতি সন্তোষ বৰগোহাঁইক আৰক্ষীয়ে আটক কৰে ।

ৰ’ড চুৰিৰ মূল খলনায়ক ভাৰতীয় জনতা পাৰ্টি পূৱ জোনাই যুৱ মৰ্চাৰ সভাপতি সন্তোষ বৰগোহাঁয়ে বিভিন্ন অ-নৈতিক কাৰ্যসমূহত জড়িত থকাৰ ওপৰিও এনে ৰ’ড চুৰি কাৰ্যত জড়িত হোৱাক লৈ TMPK দেবিং দেতাক আঞ্চলিক সমিতিয়ে এক সংবাদমেল অনুষ্ঠিত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায় ।

লগতে পঢ়ক : Majuli ferry Services: মাজুলীলৈ পুনৰ ফেৰী চলিল; স্বস্তিৰ নিশ্বাস ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.