ধেমাজি,8 মাৰ্চ: ৰাজ্যত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰৰে পৰা আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব ৷ প্ৰথম পৰ্যায়ৰ প্ৰায় কেইটা সমষ্টিৰ বাবে ইতিমধ্যেই মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰাৰ্থী সকলে ৷ সমান্তৰালকৈ সোমবাৰে 113 নং ধেমাজি বিধানসভাৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে ৷ ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলা উপাযুক্ত ডাঃ জীৱন বি’ৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিলে নেতা গৰাকীয়ে ৷
উল্লেখ্য যে, মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ধেমাজিৰ ভৰালীচুকত বিজেপি তথা মিত্ৰজোঁটৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে ডাঃ ৰণোজ পেগুৱে ৷ ইয়াৰ পিছতেই কম সংখ্যক দলীয় কৰ্মীক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে নেতা গৰাকীয়ে ৷ লগতে এইবাৰৰ নিৰ্বাচনত ধেমাজি বিধানসভাৰ সমষ্টিত পুনৰ নিৰংকুশ বিজয় সাব্যস্ত কৰিব বুলি সংবাদকৰ্মীৰ আগত মন্তব্য কৰে বিজেপিৰ প্ৰাথীগৰাকীয়ে ৷
লগতে পঢ়কঃ মৰিয়নীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ