ধেমাজি, ২২ এপ্ৰিল: কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে ধেমাজি মৰিধলত সদৌ তিৱা ছাত্ৰ সন্থাই উদযাপন কৰে 'বিশাস দমাছি' ৷ সদৌ তিৱা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু মৰিধল আঞ্চলিক সমিতিৰ সহযোগত দুদিনীয়াকৈ মৰিধল কঠালগুৰি প্ৰাথমিক বিদ্যালয়ত তৃতীয় বাৰ্ষিক 'বিশাস দমাছি' উদযাপন কৰা হয় ।
চৰকাৰৰ ক'ভিড প্ৰটকল অনুসৰি, আয়োজক সমিতিয়ে কাৰ্যসূচীসমূহ অনুষ্টুপীয়াকৈ উদযাপন কৰাৰ বিষয়ে অৱগত কৰে উদ্যোক্তাই । সেই অনুসৰি প্ৰথম দিনা বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ কৰাৰ পিছত দুপৰীয়া তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ লগতে তিৱাসকলে ব্যবহাৰ কৰা থলুৱা পানীয় আৰু খেল-ধেমালি প্ৰদশৰ্ন কৰে ।
লগতে পঢ়ক: নগাঁৱত অবৈধভাৱে মজুত ৰখা বিলাতী সুৰা জব্দ