ETV Bharat / state

বায়’ফ্লক পদ্ধতিৰে মাছ পালন কৰি স্বাৱলম্বী ধেমাজিৰ যুৱক

ধেমাজিত ইউটিউব চাই বায়’ফ্লক পদ্ধতিৰে মাছ পালন কৰি নিবনুৱা, কৃষক আৰু গৃহিনীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে দিব্যজ্যোতি সোণোৱাল নামৰ লোকজনে ৷ ইয়াৰ উপৰিও, ইনকুভেটৰ যন্ত্ৰ নিমাণ কৰি কণীৰ পৰা পোৱালী উৎপাদন কৰিছে লোকজনে ৷

author img

By

Published : Aug 26, 2020, 10:41 PM IST

Biofloc fish farming in Dhemaji
বায়ফ্লক পদ্ধতিৰে মাছ পালন কৰি স্বাৱলম্বী ধেমাজিৰ যুৱক

ধেমাজি, 26 আগষ্ট : ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে ধেমাজিত এজন লোকৰ প্ৰশংসনীয় পদক্ষেপ ৷ ইউটিউব চাই বায়’ফ্লক পদ্ধতিৰে মাছ পালন কৰি ধেমাজিৰ নিবনুৱা, কৃষক আৰু গৃহিনীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ধেমাজিৰ জ্যোতি নগৰৰ দিব্যজ্যোতি সোণোৱাল নামৰ লোকজনে ৷

মাছ- মাংস আৰু কণীৰ চাহিদা প্ৰতি লক্ষ্যৰাখি ধেমাজিৰ জ্যোতি নগৰৰ দিব্যজ্যোতি সোণোৱাল নামৰ লোকজনে ঘৰতেই মাছ, মাংস আৰু কণী উৎপাদন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে ৷ ঘৰৰ চোতালতে তিনিটা বৃহৎ টেংকি প্ৰস্তত কৰি বায়’ফ্লক পদ্ধতিৰে কাৱৈ মাছ পালন কৰিছে লোকজনে ৷

ইতিমধ্যে, 200 গ্ৰাম সম্পূৰ্ণ হোৱা মাছ বজাৰলৈ এৰি দিবৰ বাবে সাজু হৈছে লোকজনে ৷ অনুৰূপভাবে ঘৰতে কম খৰচত ইনকুভেটৰ যন্ত্ৰ নিমাণ কৰি কণীৰ পৰা পোৱালী উৎপাদন কৰিছে ৷ পোৱালীৰ পৰা পুনৰ প্ৰাপ্তবয়ষ্ক কুকুৰা লৈ উন্নীত কৰি কণী উৎপাদন কৰিছে ৷ তদুপৰি পালন কৰিছে বতা চৰাই ,গাহৰি ,টাৰ্কি আদি ৷

আনহাতে, উদীয়মান পালক গৰাকীয়ে জানিবলৈ দিয়া মতে, সংস্থাপনৰ পথ অনুসন্ধান কৰি থাকোতে ম'বাইলত ইউটিউব চাই আকষিত হয় আৰু বায়ফ্লক পদ্ধতিৰে কেনেদৰে মাছ উৎপাদন কৰি লাভান্বিত হ'ব পাৰি সেই বিশেষ খবৰটোৱে বাৰুকৈয়ে প্ৰভাৱাম্বিত কৰে তেওঁক ৷ ইয়াৰ পিচত বিশেষ ব্যক্তিজনৰ সৈতে যোগাযোগ কৰি প্ৰশিক্ষণ গ্ৰহন কৰি ঘৰৰ চোতালতে আৰম্ভ কৰিছে এই ব্যৱসায় ৷ এটা টেংকিত 10000 লিটাৰ পানীত 7000 হেজাৰ মাছ পালন কৰিব পাৰে ৷

লগতে পঢ়ক : কৰ’ণাত আক্ৰান্তৰ মৃত্য়ুত প্ৰতিবাদ আটছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.