ETV Bharat / state

ধেমাজিত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 6:49 PM IST

ধেমাজিত অনুষ্ঠিত কৰা হয় বিকশিত ভাৰত সংকল্প যাত্ৰা । চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ আৰু আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ । ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচীৰ ।

Bikashit Bharat Sankalp Yatra held in Dhemaji
ধেমাজিত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত
ধেমাজিত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত

ধেমাজি,৯ ডিচেম্বৰ: চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ আৰু আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ 'বিকশিত ভাৰত সংকল্প যাত্ৰা' কাৰ্যসূচী দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে । সমান্তৰালভাৱে ধেমাজি জিলাতো অনুষ্ঠিত কৰা হয় বিকশিত ভাৰত সংকল্প যাত্ৰা । শনিবাৰে ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ জীয়াঢল গাঁও পঞ্চায়তৰ জীয়াঢল চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত এই কাৰ্যসূচী অনুষ্ঠিত হয় ।

অনুষ্ঠানত ভাৰত চৰকাৰৰ যুটীয়া সচিব (প্ৰতিৰক্ষা) অনুৰাগ বাজপেয়ী মুখ্য অতিথি হিচাপে উপস্থিত থাকে । ধেমাজি জিলাৰ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত উপস্থিত থাকে জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, জিলা পৰিষদৰ সভাপতি মোহন গগৈ, ধেমাজিৰ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত তথা জিলা তথ্য আৰু জনসংযোগ বিভাগ আৰু মহিলা আৰু শিশু কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতিৰেখা গগৈৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল ।

আদৰণি ভাষণ প্ৰদান কৰি জিলা আয়ুক্তগৰাকীয়ে জিলাখনত চলি থকা সকলো আঁচনি নিখুঁত আৰু এশ শতাংশ পূৰ্ণতা প্রদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাইজৰ সহযোগিতা কামনা কৰে । সভাত বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয় । মুখ্য অতিথিগৰাকীয়ে হিতাধিকাৰীসকলৰ মাজত আয়ুষ্মান কাৰ্ড প্ৰদান, যক্ষ্মা ৰোগত আক্রান্ত হৈ সুস্থ হৈ উঠা ৰোগীক সম্বৰ্ধনা আৰু স্বাস্থ্যবান শিশু সকলক পুৰস্কৃত কৰে । ভাষণ প্ৰসংগত তেওঁ ভাৰত চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে । সভাত বিভিন্ন বিভাগৰ বিষয়াসকলে বিগত চলি থকা আঁচনিসমূহৰ বিষয়ে ৰাইজক জনায় । এই অনুষ্ঠানটিত ৮০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: পাৰিজাত নামেৰে পৰিচিত হ’ব ৰাজ্যিক চিৰিয়াখানাত জন্ম হোৱা জিৰাফৰ পোৱালীটো

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.