ধেমাজি,10 এপ্ৰিল: জাকৈ, পলহ আদি লৈ বিহু অনুশীলনত ব্যস্ত হৈ পৰিছে এজাক যুৱক-যুৱতী ৷ বহাগক লৈ ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শন কৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে ৷ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰঙালী বিহুটিলৈ ৷
ধেমাজি মৰিধল কঠালগুৰি গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত দেখা গৈছে এনে দৃশ্য ৷ দলটোৱে তিৱা বিহু অনুশীলনত ব্যস্ত হোৱা দেখা যায় ৷ তিৱা সম্প্ৰদায়ৰ লোকৰ গাঁৱখনৰ বোৱাৰী-চেমনীয়াসকলে যোৱা কেইবাদিনৰ পৰা বিহুৰ অনুশীলন অব্যাহত ৰাখিছে ৷
বিশেষকৈ জনগোষ্ঠীটোৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বিশাগ দমাচিক লৈ চলাইছে পূৰ্ণ প্ৰস্তুতি । দমাচিৰ বাবে জনগোষ্ঠীটোৱে পৰম্পৰাগত লালি লাং, বৰত, লাংখন পিছুৱাৰ আদি লোক নৃত্যৰ আখৰা কৰাত সম্প্ৰতি ব্যস্ত হৈ পৰিছে ৷ ঢোল, তাল, বাঁহীৰ সুৰত জাত জাত নামেৰে মুখৰিত হৈ পৰিছে মৰিধল কঠালগুৰি গাঁৱৰ চৌপাশ ৷
লগতে পঢ়ক: শংখধ্বনি মহিলা সমাজে সামৰিলে বিহুৰ আখৰা