ETV Bharat / state

জোনাইত গো মাংস বিক্ৰীক কেন্দ্ৰ কৰি চাঞ্চল্য

author img

By

Published : Jul 23, 2021, 8:37 PM IST

ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইন বলৱৎ কৰাৰ সময়তে জোনাইত গৰু বধ কৰি মুকলিকৈ গো মাংস বিক্ৰী কৰা এক ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

beef business in a dhaba in Jonai
জোনাইত গো মাংস বিক্ৰীক কেন্দ্ৰ কৰি চাঞ্চল্য

জোনাই, 23 জুলাই : গো মাংস বিক্ৰী কেন্দ্ৰ কৰি ধেমাজি জিলাৰ জোনাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কিয়নো ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইন বলৱৎ কৰাৰ সময়তে জোনাইত গৰু বধ কৰি মুকলিকৈ গো-মাংস বিক্ৰী কৰা এক ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে অসম-অৰুণাচল সীমন্তৱৰ্তী জোনাইৰ আবৰ লেকু অঞ্চলত ৷

আবৰ লেকুৰস্থিত এখন ধাবা সমীপত কেইবাজনো যুৱকে দুটাকৈ গৰু বধ কৰি গো মাংস বিক্ৰী কৰে ৷ এই সমগ্ৰ ঘটনাটো পোহৰলৈ আনে স্থানীয় একাংশ লোকে ৷ অভিযোগ অনুসৰি অৰুণাচল সীমান্তৱৰ্তী অঞ্চল জোনাইৰ আবৰ লেকুৰত ৰিনা আৰু মাইকেল নাৰ্জাৰী নামৰ দুই যুৱকে ৰিনা নামৰ যুৱকজনৰ ধাবাত চাইছিল এই গো-মাংসৰ বেহা ৷

উল্লেখ্য যে, ২ টা গৰু বধ কৰি মাংস বিক্ৰী কৰাৰ খবৰ লাভ কৰাৰ পাচতে স্থানীয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষধ (AJYCP)ৰ কৰ্মীৰ লগতে সাংবাদিকৰ এটা দল উক্ত স্থানত উপস্থিত হয় যদিও দলটো উপস্থিত হোৱা পৰ্যন্ত গো-মাংস বিক্ৰী শেষ হয় ৷

স্থানীয় ৰাইজে সদৰি কৰা মতে, গৰু বধ কৰি মাংস বিক্ৰী কৰা মাইকেল নাৰ্জাৰী নামৰ যুৱকজন বৰ্তমান পলাতক হৈ আছে ৷ মাইকেল নাৰ্জাৰী নামৰ যুৱকজনে দীর্ঘদিনৰ পৰা অসম অৰুণাচল সীমান্তত তথা নিজৰ এখন ধাবাত গো-মাংসৰ ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিধানসভাত গো-সংৰক্ষণ বিধেয়ক, ২০২১ (cattle preservation bill 2021) উত্থাপন কৰে ৷

প্ৰস্তাৱিত বিধেয়কখনৰ অধীনত যিকোনো গো সম্পৰ্কীয় নিষেধাজ্ঞা উলংঘন কৰাৰ বাবে নিম্নতম তিনি বছৰৰ কাৰাদণ্ড আৰু নিম্নতম ৩ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে । বিধেয়কৰ সংজ্ঞাত স্পষ্টকৈ কোৱা হৈছে যে, কোনো ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত স্থানৰ বাহিৰে অন্য স্থানত কোনো প্ৰকাৰে গো-মাংস বা গো-মাংসৰ পৰা উৎপাদিত সামগ্ৰী ক্ৰয় অথবা বিক্ৰী কৰিব নোৱাৰিব ৷

লগতে পঢ়ক: অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ’ব প্ৰদ্যুৎ বৰদলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.