জোনাই,২৫ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ ৰাজনৈতিক দলসমূহৰ সমান্তৰালভাৱে সষ্টম হৈছে জিলাৰ লগতে মহকুমা প্ৰশাসনসমূহ । জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে বৃহস্পতিবাৰে পুৱা জোনাই মহকুমাধিপতি কাৰ্যালয়ত আয়োজন কৰে ‘‘ভোটৰ বাবে দৌৰ’’ শীৰ্ষক এক সজাগতামূলক দৌৰ প্ৰতিযোগিতা ৷ এই অনুষ্ঠানত জোনাই মহকুমাৰ ভালেকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷
ভোটাধিকাৰ লাভ কৰা কোনো ব্যক্তিয়েই যাতে আগন্তুক বিধানসভা নিৰ্বাচনত ভোটদানৰ পৰা বাদ নপৰে তাৰ বাবে নিৰ্বাচন আয়োগে সৰ্বাধিক গুৰুত্ব দিছে বুলি সজাগতা ৰেলী উদ্বোধন কৰি কয় মহকুমাধিপতি গৰাকীয়ে উল্লেখ কৰে ৷ নিৰ্বাচনৰ সময়ত যাতে সকলো লোকে ভোটদানৰ বাবে ওলাই আহে তাৰ বাবে নিৰ্বাচনী বিষয়াগৰাকীয়ে অসমৰ ৰাইজক আহ্বান জনায় । এই সজাগতা কাৰ্যসূচীত জোনাই মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, জোনাইৰ মহকুমা দণ্ডাধীশ প্ৰীতম কুমাৰ দাস উপস্থিত থাকে ।
লগতে পঢ়ক: অতুল বৰাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি কোষৰ গোচৰ