ETV Bharat / state

Cybersecurity Awareness Campaign: চাইবাৰ অপৰাধৰ পৰা উদ্ধাৰৰ প্ৰসংগত ধেমাজিত সজাগতা সভা

author img

By

Published : Nov 2, 2022, 10:14 AM IST

ডিজিটেল মাধ্যমৰ জৰিয়তে ধনৰ লেন-দেন কৰিবলৈ গৈ যাতে কোনো গ্ৰাহকে অপৰাধীৰ কৱলত পৰি দিকবিদিক হেৰুৱাব লগা নহয়, তাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে মংগলবাৰে ধেমাজি খণ্ড উন্নয়ন কাৰ্যালয়ৰ সভাকক্ষত দেশব্যাপী নিবিড় সজাগতা কাৰ্যসূচীৰ অংশস্বৰূপে ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখাই এখন সজাগতা সভা অনুষ্ঠিত কৰে (Cybersecurity Awareness Campaign) ৷

awareness-meeting-on-cyber-security-in-dhemaji
চাইবাৰ অপৰাধৰ পৰা উদ্ধাৰৰ প্ৰসংগত ধেমাজিত সজাগতা সভা

ধেমাজি, 2 অক্টোবৰ: সাম্প্ৰতিক সময়ত ডিজিটেল প্ৰযুক্তিৰ উন্নতিয়ে মানৱ সমাজৰ বাবে বহু নতুন দিশ মুকলি কৰিছে । প্ৰযুক্তিৰ অভাৱনীয় বিকাশে সমগ্ৰ পৃথিৱীখনক এখন সৰু ঘৰলৈ ৰূপান্তৰ কৰাৰ লগতে জনসাধাৰণক ডিজিটেল মাধ্যমসমূহৰ জৰিয়তে প্ৰযুক্তিগত দিশত অধিক সুদৃঢ় কৰি তুলিছে । সাধাৰণ মানুহে অসম্ভৱ বুলি ভবা বিভিন্ন সেৱাও ডিজিটেল প্ৰযুক্তিয়ে সম্ভৱপৰ কৰি তুলিছে আৰু সামাজিক মাধ্যমসমূহৰ উত্থানে এই বৃহৎ পৰিৱৰ্তনত সহায় কৰিছে ।

উল্লেখ্য যে স্মাৰ্টফোন হৈ পৰিছে পৃথিৱীৰ যিকোনো কোণৰ প্ৰায় সকলোৰে সৈতে যোগাযোগৰ এক অত্যাধুনিক মাধ্যম ৷ এই পৰিৱৰ্তনে জনগণক পৃথিৱীখনক উপলব্ধি কৰাৰ এক নতুন বাট মুকলি কৰি দিছে । সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহে ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত আৰু বিশেষকৈ পিছপৰা অঞ্চলসমূহ ডিজিটেল প্ৰযুক্তিৰ সহায় ল’বলগীয়া হৈছে ।

নিত্য নতুন প্ৰযুক্তিয়ে জনসাধাৰণক যে অধিক দক্ষ আৰু কাৰ্যক্ষম কৰি তুলিছে সেই বিষয়ে কোনো সন্দেহ নাই । কিন্তু জনসাধাৰণৰ মাজত অত্যাধিক তথ্য প্ৰযুক্তিৰ প্ৰচলনে মানুহক অৰ্থনৈতিক অপৰাধকে ধৰি সকলো ধৰণৰ অপৰাধৰ সন্মুখীন কৰাই আহিছে ।

বিভিন্ন ভুৱা অনলাইন বাণিজ্যিক মাধ্যম অথবা ম’বাইল এপৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ বিভিন্নজনক অৰ্থনৈতিকভাৱে প্ৰতাৰিত কৰা, বেংকত জমা থকা ধন প্ৰৱঞ্চনাৰে উলিয়াই নিয়া আদিৰ দৰে খবৰ সঘনাই পোৱা যায় । চাইবাৰ অপৰাধসমূহ বৰ্তমান সময়ত ব্যাপক হাৰত বৃদ্ধি পাইছে (Cyber Safety and Security Awareness)।

গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্যৰে চাইবাৰ অপৰাধী চক্ৰই নিতৌ অৱলম্বন কৰিছে ন ন কৌশল ৷ সেয়ে ডিজিটেল মাধ্যমৰ জৰিয়তে ধনৰ লেন-দেন কৰিবলৈ গৈ গ্ৰাহকে এনে অপৰাধীৰ কৱলত পৰি দিকবিদিক হেৰুৱাব লগা হয় ৷ সেয়ে চাইবাৰ অপৰাধী বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে মংগলবাৰে ধেমাজি খণ্ড উন্নয়ন কাৰ্যালয়ৰ সভাকক্ষত ৰিজাৰ্ভ বেংক সংহত লোকপাল যোজনা 2021 (Reserve Bank Integrated Lokpal Scheme 2021) শীৰ্ষক দেশব্যাপী নিবিড় সজাগতা কাৰ্যসূচীৰ (Nationwide Intensive Awareness Programme) অংশস্বৰূপে ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখাই এক সজাগতা সভা অনুষ্ঠিত কৰে (Awareness meeting on cyber security) ৷

ধেমাজি বেংকৰ লীড মেনেজাৰ ৰিংকুমনি দাসে সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি এছ বি আই শাখাৰ প্ৰৱন্ধক বৈকুণ্ঠ ফুকনে (Cyber Security Awareness) ৷ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি চাইবাৰ অপৰাধীৰ পৰা মুক্ত হ’বৰ বাবে ল’ব লগা সজাগতাৰ ওপৰত বক্তব্য আগবঢ়াই ধেমাজি সদৰৰ মহকুমাধিপতি নন্দিতা ৰয় বৰগোহাঁইয়ে ৷ লগতে এই সজাগতা সভাত উপ আৰক্ষী অধীক্ষক অৰুণ বৰা, সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ শৰ্মা আৰু ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক দিলীপ হাজৰিকা উপস্থিত থাকে ৷

লগতে পঢ়ক: Awareness meeting against drugs: নিচাজাতীয় দ্ৰব্যৰ বিৰোধিতাৰে পশ্চিম ধেমাজিত বিশাল ৰাজহুৱা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.