ETV Bharat / state

Awareness program in Jonai: জোনাইত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ৰাইজমেল - Awareness program in Jonai

জোনাইত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ উদ্যোগত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ৰাইজমেল (Awareness meeting against superstitions) । ৰাজ্যৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৈজ্ঞানিক মানসিকতাৰ উত্তৰণ ঘটোৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হয় এই ৰাইজমেলৰ ।

awareness meeting against superstitions
জোনাইত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ৰাইজমেল
author img

By

Published : Nov 6, 2022, 6:28 PM IST

জোনাই,৬ নৱেম্বৰ: ২১ শতিকাতো অসমৰ জনতাৰ মাজৰ পৰা আঁতৰি যোৱা নাই অন্ধবিশ্বাস তথা কু-সংস্কাৰ । এতিয়াও ডাইনীৰ সন্দেহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে লোমহৰ্ষক হত্যাকাণ্ড । চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ পাছতো সাপে খুঁটিলে চিকিৎসকৰ সলনি নিয়া হয় বেজৰ ওচৰলৈ । মংগল কামনা কৰি পৰিধান কৰা হয় তাবিজ । এই সমুহ কু-সংস্কাৰ আঁতৰাবৰ বাবেই জোনাইত অনুষ্ঠিত কৰা হয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ৰাইজমেল(Awareness meeting against superstitions) ।

জোনাইত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে ৰাইজমেল

ৰাজ্যৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৈজ্ঞানিক মানসিকতাৰ উত্তৰণ ঘটোৱাৰ উদ্দেশ্যে বিজ্ঞান শিক্ষাৰ বৌদ্ধিক জাগৰণ সৃষ্টি কৰি বিজ্ঞানক এক বৃত্তি হিচাপে প্ৰচাৰ কৰাৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা হয় এই অনুষ্ঠানৰ । আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ উদ্যোগত, জোনাই গাঁও পঞ্চায়তৰ সহযোগত আৰু সংস্কাৰ "মানুহে মানুহৰ বাবে"অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত জোনাই গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এই গণ জাগৰণ ৰাইজমেল অনুষ্ঠিত কৰা হয়(Awareness program in Jonai) ৷

সভাৰ কাৰ্যসূচী অনুসৰি জোনাই আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মুৰ্কংচেলেক ব্লকৰ সমন্বয়ক প্ৰদীপ গগৈয়ে উদ্দেশ্যে ব্যাখ্যা কৰা অনুষ্ঠানৰ সভাপতিত্ব কৰে জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বড়িয়ে ৷ বিশেষ অতিথি হিচাপে ডাঃ জ্যোতিষ দলে, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা প্ৰতিস্কা শৰ্মা, সমাজকৰ্মী যুৱতী দলে, সাংবাদিক প্ৰফুল্ল কামান, প্ৰকৃতিপ্ৰেমী তথা শিক্ষক তোষেশ্বৰ আগৰৱালা, জোনাই মহকুমাৰ গাঁও প্ৰধান সংস্থাৰ সভাপতি জগদীশ পায়েং উপস্থিত থাকি অন্ধবিশ্বাসৰ ওপৰত বহুমূলীয়া বক্তব্য আগবঢ়ায় ৷ এই সজাগতা সভাত গাঁওৰক্ষী বাহিনী মহিলা আত্মসহায়ক গোট, গাঁও প্ৰধান লগতে স্কুলীয়া ছাত্র ছাত্ৰী লগতে দেৰ শতাধিক ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক: Raas mahotsav 2022: শ্ৰীকৃষ্ণৰ প্ৰেমত বুৰ গৈছে মাজুলী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.