ETV Bharat / state

মাইক্ৰফাইনেঞ্চৰ বিৰুদ্ধে জোনাইত প্ৰতিবাদ - Campaign against Micro finance Companies

মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস (Awareness Campaign against Micro finance Company) ৷ জাগৃত নাৰী শক্তি সমিতিৰ উদ্যোগত জোনাইৰ চমকঙত অনুষ্ঠিত কৰা হয় এই সজাগতামূলক সভা ৷ মাইক্ৰ'ফাইনেন্সৰ এজেন্টসকলৰ বিৰুদ্ধে বহু লোকে দিলে গুৰুতৰ অভিযোগ ৷

AWARENESS MEETING RELATAED WITH MICRO FINANCES
মাইক্ৰফাইনেঞ্চৰ নামত প্ৰতিবাদ জোনাইত
author img

By

Published : Aug 27, 2022, 2:21 PM IST

জোনাই,২৭ আগষ্ট: মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে অসমৰ বিভিন্ন জিলাৰ নাৰী সমাজ গৰজি উঠাৰ সময়তে শুকুৰবাৰে জোনাইৰ চমকঙটো জাগৃত নাৰী শক্তি সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচীৰ(Protest against micro finances) ৷ জাগৃত নাৰী শক্তি সমিতিৰ উদ্যোগত জোনাইৰ চমকঙত অনুষ্ঠিত কৰা হয় সজাগতামূলক সভাখন ৷

যিসকল মহিলাই মাইক্ৰ'ফাইনেন্সৰ পৰা ঋণ লৈছিল সেইসকল মহিলাক বিজেপি দলে ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল বিধান সভাৰ প্ৰাক-নিৰ্বাচনীৰ সময়ছোৱাত ৷ নিৰ্বাচনৰ সময়ত আগবঢ়োৱা উক্ত প্ৰতিশ্ৰুতি চৰকাৰখনে অৱশ্যে পৰৱৰ্তী সময়ত ৰক্ষা কৰা দেখা পোৱা নগ'ল, ঋণ ৰেহাই দিয়াৰ নামত অসম চৰকাৰে হেতালি খেলাৰ গুৰুতৰ অভিযোগ তুলিছে জাগৃত নাৰী শক্তি সমিতিয়ে(Jagrito nari Shakti somiti) ৷

মাইক্ৰফাইনেঞ্চৰ নামত প্ৰতিবাদ জোনাইত
ইয়াৰ উপৰিও মাইক্ৰ'ফাইনেন্সৰ এজেন্টসকলে মহিলাসকলৰ পৰা মাহেকীয়া কিস্তিৰ ধন সংগ্ৰহৰ সময়ত বিভিন্ন ধৰণৰ মানসিক হাৰাশাস্তি কৰি আহিছে বুলিও অভিযোগ তুলিছে নাৰী সংগঠনটোয়ে । সময়মতে ঋণ ঘূৰাই দিব নোৱাৰা মহিলাসকলৰ ওপৰত মাজে সময়ে এজেন্টসকলে বিভিন্ন অশোভনীয় আচৰণ কৰি অহা বুলিও গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগী মহিলাসকলে(Allegations against microfinance agents)।

মাইক্ৰ'ফাইনেন্সৰ এজেন্টসকলে মহিলাসকলৰ ওপৰত মানসিক হাৰাশাস্তি কৰি অহাৰ পিছতো চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা হোৱা নাই বুলি অভিযোগ তুলিছে ভুক্তভোগী মহিলা তথা জাগৃত নাৰী সমাজে । পৰিস্থিতিৰ সাল-সলনি নঘটিলে অনাগত দিনত এজেন্টসকলৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে ৰাজপথত নামি পৰাৰ হুংকাৰ প্ৰদান কৰিছে জাগৃত নাৰী শক্তি সমিতিৰ সভানেত্ৰীগৰাকীয়ে(Woman protest against Micro finance companies) ।

লগতে পঢ়ক: মাইক্ৰ’ফাইনেঞ্চৰ ধন ৰেহাইৰ আশ্বাস বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.