ETV Bharat / state

Assam Khel Maharan: জোনাইত আজিৰে পৰা আৰম্ভ খেল মহাৰণ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 2:13 PM IST

জোনাইত পোন প্ৰথমবাৰৰ বাবে খেল মহাৰণ আৰম্ভ । খেল মহাৰণত অংশগ্ৰহণ বিধায়ক ভূৱন পেগু, জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈৰ ৷

Khel Maharan 2023
জোনাইত আৰম্ভ হ’ল খেল মহাৰণ

জোনাইত আৰম্ভ হ’ল খেল মহাৰণ

জোনাই ১ নৱেম্বৰ: জোনাই গাঁও পঞ্চায়তৰ উদ্যোগত জোনাইৰ গান্ধী ময়দানত আজিৰে পৰা পোন প্ৰথমবাৰৰ বাবে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে খেল মহাৰণ । জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বড়িয়ে পতাকা উত্তোলনেৰে এই খেল মহাৰণৰ উদ্ধোধন কৰে ৷ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা ১৯ বছৰ অনুৰ্ধ্ব আৰু ১৯ বছৰৰ উৰ্ধৰ প্ৰায় তিনি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে উক্ত খেল মহাৰণত অংশগ্ৰহণ কৰিছে ।

উল্লেখ্য যে, ৰাজ্যখনৰ গাঁৱে-ভূঞে সুপ্ত হৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ ক্রীড়া প্রতিভাসমূহ বিকাশ কৰাৰ উদ্দেশ্য অসম চৰকাৰে এইবাৰ পোন প্ৰথমবাৰৰ বাবে “খেল মহাৰণ” ২০২৩-২৪ নামেৰে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্রতিযোগিতা আয়োজন কৰিছে । অসমৰ ২৫ হাজাৰ গাঁও সামৰি খেল মহাৰণ অনুষ্ঠিত হ'ব। প্ৰথম অৱস্থাত গাঁও পঞ্চায়ত এলেকাত খেলসমূহ অনুষ্ঠিত হ'ব ।

প্ৰথমতে প্ৰতিখন গাঁৱৰ পৰা এটাকৈ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব । তাৰ পিছত গাঁও পঞ্চায়তৰ পৰা এটাকৈ দল উলিওৱা হ'ব । সেই দলসমূহে বিধানসভা সমষ্টিত খেলত অংশগ্ৰহণ কৰিব । বিধানসভা পৰ্যায়ৰ পৰা আকৌ জিলা পর্যায়ত খেল অনুষ্ঠিত হ'ব । জিলা পৰ্যায়ৰ পৰা আকৌ এটা দল নিৰ্বাচিত কৰি ৰাজ্যিক পৰ্যায়লৈ উলিয়াই অনা হ'ব। শেষত ৰাজ্যিক ভিত্তিত এই খেল মহাৰণ অনুষ্ঠিত হ'ব ।

ইয়াৰ লগত সংগতি ৰাখি মূর্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ অধীনস্থ জোনাই গাঁও পঞ্চায়তে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা এই খেল মহাৰণৰ আয়োজন কৰিছে । উল্লেখ্য যে, এই খেল মহাৰণত মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পোন্ধৰখন গাঁও পঞ্চায়তৰ পৰা মুঠ‌ ১৭,২৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছে । ইয়াৰে আজিৰ পৰা জোনাই গাঁও পঞ্চায়তত আৰম্ভ হোৱা এই খেল মহাৰণৰ বিভিন্ন খেল শিতানত ৩,১৬৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ।

আজিৰ এই খেল মহাৰণ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ভূৱন পেগু, জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈ, মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাস,পঞ্চায়তটোৰ সভাপতি-সচিবৰ লগতে বহু গণ্যমান্য ব্যক্তি ।

লগতে পঢ়ক: Khel Maharan In Assam: ১ নৱেম্বৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ'ব খেল মহাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.