ETV Bharat / state

অসম বিজ্ঞান সমিতিৰ উদ্যোগত জোনাইত গ্ৰাম্য বিজ্ঞান মেলা

অসম বিজ্ঞান সমিতিৰ উদ্যোগত ধেমাজি জিলাৰ জোনাইত দুদিনীয়াকৈ অনুষ্ঠিত হয় গ্ৰাম্য বিজ্ঞান মেলাৰ লগতে বিজ্ঞান সজাগতা সভা ৷ জোনাইৰ কেকেপি স্কুলত বিজ্ঞান সজাগতা সভাখনৰ অনুষ্ঠিত হোৱাৰ লগতে তেলাম ট্ৰাইবেল হাইস্কুলত গ্ৰাম্য বিজ্ঞান মেলাখন অনুষ্ঠিত হয় ৷

গ্ৰাম্য বিজ্ঞান মেলাৰ লগতে সজাগতা সভা
author img

By

Published : Sep 7, 2019, 5:24 PM IST

জোনাই, 7 ছেপ্তেম্বৰঃ গ্ৰাম্য অঞ্চলত বিজ্ঞান সজাগতা তথা শিক্ষাৰ্থীসকলৰ মাজত বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাৰ উদ্দেশ্যে ধেমাজি জিলাত অনুষ্ঠিত কৰা হয় বিজ্ঞান মেলাৰ লগতে সজাগতা সভা ৷ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ সহযোগত অসম বিজ্ঞান সমিতিৰ জোনাই শাখাৰ উদ্যোগত শুক্ৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় শীৰ্ষক কাৰ্যসূচী ৷ জোনাইৰ কেকেপি স্কুলত বিজ্ঞান সজাগতা সভা অনুষ্ঠিত হোৱাৰ লগতে তেলাম ট্ৰাইবেল স্কুলত গ্ৰাম্য বিজ্ঞান মেলাখন অনুষ্ঠিত হৈ যায় ৷

গ্ৰাম্য বিজ্ঞান মেলাৰ লগতে সজাগতা সভা

উক্ত কাৰ্যসূচীত অনুষ্ঠিত হোৱা বিজ্ঞান আৰ্হি প্ৰতিযোগিতা, পৰিৱেশ প্ৰদুষণত প্লাষ্টিকৰ প্ৰভাৱ, অন্ধবিশ্বাস আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ শীৰ্ষক ৰচনা প্ৰতিযোগিতা, পৰিৱেশ আৰু স্বাস্থ্য শীৰ্ষক আকস্মিক বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতা তথা সভাত জোনাইৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেকেপি হাইস্কুলৰ প্ৰধান শিক্ষক, জোনাই বিজ্ঞান শাখাৰ সদস্য বিজয় কুমাৰ পেগু, শিক্ষক তোষেশ্বৰ মিৰি আগৰৱালা, ডাঃ জ্যোতিষ দলে, অসম বিজ্ঞান সমিতিৰ জোনাই শাখাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ গগৈকে ধৰি বহুসংখ্যক স্থানীয় লোক তথা অভিভাৱকৰ লগতে শিক্ষাৰ্থীসকল ৷

Intro:Body:জোনাইত অসম বিজ্ঞান সমিতিৰ উদ্যোগত সজাগতা সভা আৰু গ্ৰাম্য বিজ্ঞান মেলা

জোনাই ৭ ছেপ্টেম্বৰ
অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগত তথা অসম বিজ্ঞান সমিতিৰ জোনাই শাখাৰ উদ্যোগত শুক্ৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জোনাইত কে কে পি স্কুল সজাগতা সভা আৰু তেলাম ট্ৰাইবেল হাইস্কুলত গ্ৰাম্য বিজ্ঞান মেলা অনুষ্ঠিত হয়|
আজিৰ কাৰ্যসূচী অনুসৰি জোনাইৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান আৰ্হি প্ৰদৰ্শনী প্ৰতিযোগিতা ,   পৰিবেশন প্ৰদুষণ প্লাষ্টিকৰ প্ৰভাৱৰ ওপৰত  নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু ষষ্ঠ ৰ পৰা অষ্টম শ্ৰেণীলৈ অন্ধবিশ্বাস, সমাজত ইয়াৰ প্ৰভাৱৰ ওপৰত ৰচনা প্ৰতিযোগিতা, পৰিবেশ আৰু স্বাস্থ্য সম্পৰ্কে বিষয়ক আকস্মিক বক্তৃতা প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় ৷
আনহাতে গ্ৰাম্য বিজ্ঞান মেলা উপলক্ষে কে কে পি হাইস্কুলৰ প্ৰধান শিক্ষকৰ সভাপতিত্বত সমাজত অন্ধ বিশ্বাসৰ সজাগতা সভা অনুষ্ঠিত হয়| সভাত উদ্দ্যেশ্যে ব্যাখ্যা কৰে জোনাই বিজ্ঞান শাখাৰ সদস্য বিজয় কুমাৰ পেগুৱে | নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অনুষ্ঠানত  শিক্ষক তথা প্ৰকৃতি প্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালা, ডাঃ জ্যোতিষ দলে জোনাই শাখাৰ বিজ্ঞান সমিতিৰ কাৰ্যকৰি সভাপতি প্ৰদীপ গগৈয়ে সমাজত অন্ধবিশ্বাস-কুসংস্কাৰৰ প্ৰভাৱ আৰু আমাৰ কৰণীয়' বিষয়ক বহুমূলীয়া বক্তব্য আগবঢ়ায় |  কে কে পি হাইস্কুলৰ সকলো ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা শতাধিক গাঁওৰ ৰাইজ উপস্থিত  থাকে সজাগতা সভাত |
এই অসম গ্ৰাম্য বিজ্ঞান মেলাই ছাত্ৰ ছাত্ৰীৰ মনত বিজ্ঞান আৰু আৱিষ্কাৰৰ বীজ ৰোপন কৰিব বুলি উপস্থিত থকা শিক্ষক, অভিভাৱককে ধৰি বিভিন্নজনে আশা ব্যক্ত কৰিছে।

কৰবী দলে জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.