ETV Bharat / state

অৰুণাচলত আবদ্ধ অসমৰ শ্ৰমিকৰ পাচিঘাটৰ পৰা পলায়ন - চিলাপথাৰৰ এটা 19 জনীয়া শ্ৰমিকৰ দলে

অৰুণাচলত আবদ্ধ হৈ থকা অসমৰ 7 জনীয়া শ্ৰমিকৰ দল এটাই বুধবাৰে পুৱতি নিশা পাচিঘাটৰ নিজা বাসগৃহ গোগামুখত উপস্থিত হয় ৷ আৰ্থিক অভাৱৰ বাবে শ্ৰমিক কেইজনে প্ৰায় ২০০ কিলোমিটাৰ পদ যাত্ৰা কৰি ঘৰলৈ উভতিবলগীয়া হয় ৷

অৰুণাচলত আবদ্ধ অসমৰ শ্ৰমিকৰ পাচিঘাটৰ পৰা পলায়ন

author img

By

Published : Apr 16, 2020, 6:22 PM IST

জোনাই 16 এপ্ৰিল : অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাচিঘাটত আবদ্ধ হৈ থকা অসমৰ 7 জন শ্ৰমিকে খাদ্য সংকটত ভুগি বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত পাচিঘাটৰ পৰা পলাই আহি অসমত উপস্থিত হয় ৷ শ্ৰমিক কেইজনে অৰুণাচলৰ পৰা প্রায় ২০০ কিলোমিটাৰ খোজকাঢ়ি নিজ বাসগৃহ গোগামুখ পায়হি ৷

জানিব পৰা মতে, শ্ৰমিক কেইজনে পাচিঘাটত এজন অৰুণাচলী মানুহৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি শ্ৰমিক হিচাপে কাম কৰিছিল । কিন্তু লক ডাউনৰ বাবে শ্ৰমিক কেইজন সম্পূৰ্ণৰূপে পাচিঘাটত আবদ্ধ হৈ পৰে আৰু আৰ্থিক অভাৱৰ ফলত ভাড়াঘৰ এৰি পলাই আহিবলৈ বাধ্য হয় ৷

অৰুণাচলত আবদ্ধ অসমৰ শ্ৰমিকৰ পাচিঘাটৰ পৰা পলায়ন

আনহাতে চিলাপথাৰৰ এটা 19 জনীয়া শ্ৰমিকৰ দলে একেই পৰিস্থিতিৰ সন্মুখীন হৈ বৃহস্পতিবাৰে পাচিঘাটৰ পৰা অসমলৈ উভতি আহে ৷ জোনাইৰ তৰাজান হৈ নিজ নিজ বাসগৃহলৈ উভতি আহোতে জোনাই আৰক্ষীয়ে শ্ৰমিকৰ দলটোক স্থানীয় চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই নিজ নিজ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে বুলি জোনাই আৰক্ষীৰ সূত্ৰত জানিব পৰা গৈছে ।

লগতে পঢ়ক : কোভিড-১৯ত নিগেটিভ পোৱাসকলক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.