ধেমাজি, 16 মাৰ্চ : জালিয়াতিৰে খেলৰ ভুৱা প্ৰমাণ পত্ৰৰ প্ৰস্তুত কৰি অসম আৰক্ষীত চাকৰি লোৱাৰ অভিযোগ এগৰাকী যুৱতীৰ বিৰুদ্ধে ৷ অসম আৰক্ষীৰ কনিষ্টবল (ইউ বি) 2017 ৰ নিযুক্তি প্ৰক্ৰিয়াৰ সাক্ষাৎকাৰ সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলৰ ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে এইবাৰ ধেমাজিত ( Assam girl allegedly presented falsified documents during police recruitment process) ৷
তথ্য জনা অধিকাৰ আইনৰ সহায়ত উন্মোচিত হৈছে এই তথ্য ৷ বৰ্তমান ডিব্ৰুগড়ত কনিষ্টবল হিচাপে নিযুক্ত হৈ আছে যুৱতীগৰাকী ৷ এই অভিযুক্ত যুৱতীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ আনিছে ধেমাজি জিলা পাঞ্জা খেল সংঘৰ কৰ্মকৰ্তাসকলে (Arm wrestling certificate controversy) ৷
উল্লেখযোগ্য যে, যুৱতীগৰাকী দাখিল কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰমাণ পত্ৰৰ 2010 চনত মণিপুৰত অনুষ্ঠিত হোৱা খেলত অসমৰ পৰা 45-50 কেজি শাখাত নাছিল অভিযুক্ত যুৱতীগৰাকীৰ নাম ৷ কেনেদৰে যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি জালিয়াতিৰে খেলৰ ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰি যুৱতীগৰাকীয়ে আৰক্ষী বিভাগত নিযুক্তি লাভ কৰিলে, তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷
লগতে পঢ়ক : Arunachal chopper crash: পশ্চিম কামেং জিলাত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত
উক্ত ঘটনাৰ উচিত তদন্তৰ বাবে ইতিমধ্যে ধেমাজি জিলা পাঞ্জা খেল সংঘয়ে সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । লগতে এই এজাহাৰৰ প্ৰতিলিপি আৰক্ষী প্ৰধান সঞ্চালক (Director of police general), ডিব্ৰুগড় আৰক্ষী অধীক্ষক (Superintendent of police, Dibrugarh) আৰু ধেমাজি আৰক্ষী অধীক্ষক (Superintendent of police Dhemaji)ক প্ৰেৰণ কৰিছে ধেমাজি জিলা পাঞ্জা খেলৰ কৰ্মকৰ্তাসকল ৷
ৰাজ্যখনৰ চৰকাৰী নিযুক্তি ক্ষেত্ৰত চলি থকা এনে অৰাজকতা আৰু জালিয়াতিৰ ঘটনাক লৈ বিভিন্ন মহলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ধনৰ খকৰ মানসিকতা কেতিয়া অৱসান ঘটিব, সেয়াহে বৰ্তমান ডাঙৰ প্ৰশ্ন ৷
লগতে পঢ়ক : Operation against Child Marriage : অসমত বাল্যবিবাহৰ বিৰুদ্ধে নতুন আইন অনাৰ চিন্তা কৰিছে চৰকাৰে