ETV Bharat / state

নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত চৰকাৰী চাউল বিক্ৰীৰ অভিযোগত আটক সমবায় সমিতিৰ চেয়াৰমেন - সমবায় সমিতি

অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ জালত ধেমাজিৰ জীয়াঢল সমবায় সমিতিৰ চেয়াৰমেন । পলাতক অৱস্থাত কাংকান সমবায় সমিতিৰ সচিব অনিল দলে

নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত চৰকাৰী চাউল বিক্ৰীৰ অভিযোগত আটক সমবায় সমিতিৰ চেয়াৰমেন
author img

By

Published : May 4, 2019, 12:27 PM IST

ধেমাজি ,3মেঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাত বহু সময়ত চৰকাৰী সূলভ মূল্যৰ সামগ্ৰীৰ ওপৰত প্ৰায়ে অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ধেমাজিৰ জীয়াঢল সমবায় সমিতি আৰু কাংকান সমবায় সমিতিয়ে দৰিদ্ৰ হিতাধিকাৰীলৈ আৱন্টন হোৱা চৰকাৰী মূল্যৰ চাউল নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে৷

সমবায় সমিতিৰ চেয়াৰমেনক আটক

আৰু পঢ়ক ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

সেয়ে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই দুয়োখন সমিতিৰ ওপৰতে 2/19 নম্বৰত এক ৰাজহুৱা স্বাৰ্থ জনিত গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিতেই শুকুৰবাৰে জীয়াঢল সমবায় সমিতিৰ চেয়াৰমেন বিদ্যাধৰ দলেক অপৰাধ অনুসন্ধান শাখাই আটক কৰে৷ আনহাতে একেটা গোচৰতে অভিযুক্ত কাংকান সমবায় সমিতিৰ সচিব অনিল দলে এই বিষয়ে উমান পায় ইতিমধ্যে পলায়ন কৰে৷

উল্লেখ্য যে অপৰাধ অনুসন্ধান শাখাই দিয়া ইংগিত অনুসৰি জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰীকো শীঘ্ৰে তদন্তৰ আওঁতালৈ অনাৰ সম্ভাৱনা আছে৷

Intro:অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ জালত পৰিল ধেমাজিৰ জীয়াঢল সমবায় সমিতিৰ চেয়াৰমেন ।

Body:ধেমাজি , 3মে : ৰাজহুৱা বিতৰণ ব্যৱস্থাত বিভিন্ন সময়ত চৰকাৰী সূলভ মূল্যৰ সামগ্ৰীৰ ব্যাপক অনিয়ম হোৱাৰ অভিঘোগ উত্থাপন হৈ অহাৰ সময়তে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ জালত পৰিল ধেমাজিৰ জীয়াঢল সমবায় সমিতিৰ চেয়াৰমেন বিদ্যাধৰ দলে । আনহাতে পলায় সাৰিবলৈ সক্ষম হয় আন এজন অভিযুক্ত কা্ংকান সমবায় সমিতিৰ সচিব অনিল দলেই । উল্লেখ্য যে দৰিদ্ৰ হিতাধিকাৰীলৈ আৱন্টন হোৱা চৰকাৰী সচলভ মূল্যৰ চাউল নিৰ্ধাৰিত মূল্যতকৈ
অধিক মূল্যত সমবায় সমিতি দুখনে চাউল বিক্ৰী কৰাৰ অভিযোগ তুলি অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাত 2/19 নম্বৰত এক ৰাজহুৱা স্বাৰ্থ জনিত গোচৰ ৰুজু হৈছিল ।এই গোচৰৰ ভিত্তিতেই এই শাখাই শুক্ৰবাৰে আটক কৰে বিদ্যাধৰ দলেক ।
আনফালে এই শাখাই ইংগিত দিয়া মতে জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কেইবা গৰাকী বিষয়া কৰ্মচাৰী কো শীঘ্ৰে তদন্তৰ আওঁতালৈ অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

byte... investigation officer

Pradunya Bharali , Dhemaji , Assam, 3/5/2019

one main visual & image send by FTP

slug :A_dmj_3May_pds_scandal_one_arrest 1

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.