ETV Bharat / state

ASHA Convention 2023: আশাকৰ্মীৰ অভিৱৰ্তনৰ দিনাই প্ৰাপ্য বঞ্চিত আশাকৰ্মীৰ আন্দোলনৰ হুংকাৰ - ধেমাজিৰ প্ৰাপ্য বঞ্চিত আশা কৰ্মীৰ আন্দোলনৰ হুংকাৰ

ধেমাজিত আশা অভিৱৰ্তনৰ দিনাই প্ৰাপ্য বঞ্চিত আশা কৰ্মীৰ আন্দোলনৰ হুংকাৰ ৷ কোভিড কালীন পাৰিতোষিক আজিলৈকে লাভ নকৰাত খেদ প্ৰকাশ আশা কৰ্মীৰ (ASHA Convention 2023 at Dhemaji) ৷

ধেমাজিৰ প্ৰাপ্য বঞ্চিত আশা কৰ্মীৰ আন্দোলনৰ হুংকাৰধেমাজিৰ প্ৰাপ্য বঞ্চিত আশা কৰ্মীৰ আন্দোলনৰ হুংকাৰ
ASHA Convention at Dhemaji
author img

By

Published : Mar 10, 2023, 7:33 AM IST

ASHA Convention at Dhemaji

ধেমাজি, 10 মাৰ্চ : ধেমাজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় আশা অভিৱৰ্তন ২০২৩ ৷ আশা কৰ্মীসকলৰ সমস্যা-অসুবিধা আদি বিভিন্ন বিষয় সামৰি আয়োজন কৰা এই অভিৱৰ্তনলৈ অৱশ্যে জিলাখনৰ 746 গৰাকী আশা কৰ্মীৰ ভিতৰত উপস্থিত থাকে মাত্ৰ ডেৰশ গৰাকীমানহে আশা কৰ্মী ৷ ধেমাজি, গোগামুখ, জোনাই আদি স্থানৰ বহুকেইগৰাকী আশা কৰ্মীয়ে অভিৱৰ্তনত তেওঁলোকলৈ আগবঢ়োৱা সন্মান গ্ৰহণ কৰিবলৈকো উপস্থিত নাথাকিল, যিয়ে উদ্যোক্তাসকলক ভবাই তোলা পৰিলক্ষিত হয় (ASHA Convention 2023 at Dhemaji) ৷

উল্লেখ্য যে, অভিৱৰ্তনস্থলীতে বহু কেইগৰাকী প্ৰাপ্য বঞ্চিত আশা কৰ্মীয়ে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ অতিৰিক্ত কামৰ বোজা জাপি দিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে সময়মতে ছুটী নোপোৱাৰো অভিযোগ উত্থাপন কৰে ৷ আশা কৰ্মীসকলে অভিযোগ কৰে যে কোভিডকালীন পৰিস্থিতিতো আশা কৰ্মীসকলে নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি দিনে নিশাই কাম কৰিছিল যদিও বিনিময়ত আজিকোপতি লাভ নকৰিলে কোভিডৰ সেৱাৰ নামত লাভ কৰিবলগীয়া পাৰিতোষিক (ASHA workers deprived of COVID remuneration) ৷

ইয়াৰোপৰি, চিকিৎসালয়ত আশা কৰ্মীসকলৰ বাবে এটা জিৰণি কোঠাও নাই বুলি উল্লেখ কৰাৰ লগতে সপ্তাহটোত এদিনো আজৰি নাই বুলিও আক্ষেপ সহকাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ অ’ত কষ্ট স্বীকাৰ কৰি স্বাস্থ্য সেৱা আগঢ়োৱাৰ পিছতো কিন্তু আশা কৰ্মীসকল তথা তেওঁলোকৰ পৰিয়ালৰ কথা চিন্তা কৰিবলৈ আহৰি নাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বুলি ক্ষোভ উজাৰে প্ৰাপ্য বঞ্চিত আশা কৰ্মীসকলে (Dhemaji asha worker conference 2023) ৷

উল্লেখ্য যে, জিলাখনৰ স্বাস্থ্য বিভাগে আশা কৰ্মীসকলৰ প্ৰতি কৰি অহা ব্যৱহাৰৰ প্ৰতিবাদ জনাইয়ে বহু আশা কৰ্মীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ নকৰিলে বুলি উল্লেখ কৰে উপস্থিত আশা কৰ্মীসকলে ৷ চৰকাৰে এইসকল আশা কৰ্মীৰ চাকৰি নিয়মীয়া নকৰিলে আৰু দৰমহা বৃদ্ধি নকৰিলে জংগী আন্দোলন কৰিব বুলিও সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক সকিয়নী প্ৰদান কৰে ৷

লগতে পঢ়ক : Scam in Dhubri Zilla Parishad: ধুবুৰী জিলা পৰিষদত পৰ্বতসম দুৰ্নীতি; সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

আশা কৰ্মীৰ বোকোচাত উঠিয়ে জিলাখনৰ স্বাস্থ্য বিভাগটো চলমান হৈ থকা বুলি সভাত উপস্থিত কেইবাগৰাকী বিষয়াই উল্লেখ কৰাৰ লগতে আশা কৰ্মীসকলৰ ত্যাগ আৰু অৱদানৰ কথা স্বীকাৰ কৰে ৷ অৱশ্যে আশা কৰ্মীসকলে তেওঁলোকৰ ন্যায্য অধিকাৰ লাভ কৰিবলৈ সক্ষম হয় নে নহয় আগন্তক দিনত সেয়া হ’ব এক লক্ষণীয় বিষয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.