জোনাই,১৬ নৱেম্বৰ: নিজৰ জীৱন তুচ্ছ কৰি দিনে-নিশাই সেৱা আগবঢ়াই অহা সাংবাদকৰ্মীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । জোনাইত মহকুমা প্ৰশাসনৰ উদ্যোগত তথা মহকুমা জনসংযোগ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । মহকুমাধিপতিৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে জোনাইৰ মহকুমাধিপতি জীমলি শইকীয়া কাকতিয়ে ৷
জোনাই মহকুমাত সংবাদ সেৱা আগবঢ়াই থকা সকলো সংবাদকৰ্মীক সম্বৰ্ধনা জনায় জোনাই মহকুমাৰ জনসংযোগ বিষয়া চৌবিশ ভূঞাই ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে COVID-19 মহামাৰীৰ সময়চোৱাত সংবাদ মাধ্যমৰ ভূমিকা আৰু ইয়াৰ প্ৰভাৱ শীৰ্ষক বিষয়ত আলোচনা হয় । এই আলোচনা চক্ৰত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰকান্ত পেগু, জ্যেষ্ঠ নাগৰিক ৰাষেশ্বৰ পায়েং, জ্যেষ্ঠ সাংবাদিক ৰয়েল পেগু, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ জয়কুমাৰ দলে, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত শৰ্মা, সাংবাদিক প্ৰফুল্ল কামানে আদিয়ে মহামাৰীৰ সময়ত সংবাদকৰ্মীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত বহুমূলীয়া বক্তব্য আগবঢ়ায় ৷
সভাত জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰৰ লগতে তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷ নিষ্ঠাৰে সেৱা আগবঢ়োৱা সংবাদ কৰ্মীসকলক উৎসাহিত কৰে বিভাগীয় বিষয়াসকলে ।