ETV Bharat / state

COVID-19ৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ প্ৰয়াস NDRFৰ - মহামাৰীৰ সংক্ৰমণ

মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে ল'বলগীয়া সাৱধনতা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ বাবে ধেমাজিত NDRFৰ সজাগতা সভা। আমগুৰি ট্ৰাইবেল স্কুলত সজাগতা সভাৰ আয়োজন।

ধেমাজিত COVID-19ৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ প্ৰয়াস NDRFৰ

author img

By

Published : Nov 23, 2020, 6:32 PM IST

ধেমাজি, ২৩ নৱেম্বৰ: সোমবাৰে ধেমাজিৰ আমগুৰি ট্ৰাইবেল স্কুলত NDRFৰ উদ্যোগত এখন সজাগতামূলক সভাৰ আয়োজন কৰা হয়। COVID-19ৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ সময়ত কেনেকৈ সংক্ৰমিত হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ প্ৰয়াস কৰে। এই সজাগতা সভাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ধেমাজিত COVID-19ৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ প্ৰয়াস NDRFৰ
ধেমাজিত COVID-19ৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ প্ৰয়াস NDRFৰ

12 NDRF C কোম্পানীৰ উদ্যোগত আয়োজিত সভাত সামাজিক দূৰত্ব বজাই ৰখা, হাত ধোৱা আৰু চেনিটাইজেচন জৰিয়তে কেনেকৈ মহামাৰীৰ পৰা হাত সাৰিব পাৰি তাৰ ওপৰত ধেমাজি NDRFৰ সহকাৰী উপ-নিৰীক্ষক আকাশ বৰুৱাৰ নেতৃত্বত যোৱা এটা দলে বিস্তৃত বক্তব্য আগবঢ়ায়। এই নিয়মসমূহ মানি চলি সাৱধনতা অৱলম্বন কৰিবলৈ সকলোকে আহ্বান জনায় NDRFৰ বিষয়ববীয়াই।

লগতে পঢ়ক:হৃদয়বান লোকৰ পৰা সহায়ৰ আহ্বান আব্দিল হুছেইনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.