ETV Bharat / state

Artificial flood in Jonai: এজাক বৰষুণৰ পাছতে সৃষ্ট কৃত্ৰিম বানত জলমগ্ন জোনাই - Artificial floods in Jonai in single rain

এজাক বৰষুণৰ দিলেই জোনাইত জোনাই বজাৰকে ধৰি বিভিন্ন অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ (Artificial flood in Jonai)। ফলত চহৰবাসীৰ স্বাভাৱিক জীৱন যাপন হৈ পৰে ব্যাহত ।

h
Artificial flood in Jonai:কৃত্ৰিম বানত জলমগ্ন জোনাই
author img

By

Published : Jul 19, 2022, 10:32 PM IST

জোনাই 19 জুলাই: জোনাইত এজাক বৰষুণ দিলেই জোনাই বজাৰকে ধৰি চহৰখনৰ বিভিন্ন অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ (Artificial flood in Jonai)। ফলত চহৰবাসীৰ স্বাভাৱিক জীৱন যাপন হৈ পৰে ব্যাহত । বিশেষকৈ জোনাই বজাৰ, গান্ধী ৰোড, আৱকাৰী কৰ্যালয়, এ এছ টি চি বাছ আস্থান, হিন্দী এল পি স্কুল, হিন্দী হাইস্কুল, জোনাই টাউন এল পি স্কুল, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগতে সকলো গুৰুত্বপূৰ্ণ এলেকা কৃত্ৰিম বানৰ ফলত জলমগ্ন হৈ পৰে ।

উল্লেখ্য যে কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰিবলৈ জোনাই মহকুমা প্ৰশাসন, স্থানীয় জনপ্ৰতিনিধি আৰু পঞ্চায়তে এই ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ কৰিলে জোনাইৰ স্থানীয় লোকসকলে ৷

Artificial flood in Jonai:কৃত্ৰিম বানত জলমগ্ন জোনাই
জোনাই সদৰৰ বিভিন্ন স্থানত অপৰিকল্পিতভাৱে কেইবাবছৰ ধৰি নলা নিৰ্মাণৰ কামসমূহ ৰূপায়নৰ কৰিছে যদিও এই আচঁনিসমূহ নিৰ্মাণ কৰোঁতে হোৱা ব্যাপক অনিয়মৰ বাবেই এজাক বৰষুণতে হোৱা কৃত্ৰিম বানে চহৰখনৰ ৰাইজক জলাকলা খুৱাই আহিছে ৷

অভিযোগ অনুসৰি, পঞ্চায়ত আৰু বিধায়ক উন্নয়ন পুঁজিৰ লগতে বিভিন্ন শিতানৰ পৰা জোনাই মহকুমা সদৰৰ নলা নিৰ্মাণৰ নামত আজিলৈকে কেইবালাখ টকা আৱন্টন দিয়া হৈছে যদিও এই নলা সমূহ নিৰ্মাণ কৰোতে কোনো পৰিকল্পনা নকৰাকৈ ঠিকাদাৰে অতি নিম্নমানেৰে কাম কৰিছে । ফলত এজাক বৰষুণতে জোনাই সদৰৰ ৰাইজে কৃত্ৰিম বানৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে ৷ জোনাই সদৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে অতি শীঘ্ৰে পৰিকল্পিতভাৱে নলা নিৰ্মাণৰ কৰি সমস্যাটোৰ স্থায়ী সমাধান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই ।
লগতে পঢ়ক:Miles Bronson birthday : নগাঁৱত উদযাপন কৰা হ'ব ড৹ মাইলছ ব্ৰনছনৰ জন্মদিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.