ETV Bharat / state

Jonai Flood: কৃত্ৰিম বানত ককবকাইছে জোনাইৰ একাংশ ৰাইজ - Guwahati Artificial Flood

কৃত্ৰিম বানৰ বাবে হাহাকাৰ জোনাইৰ একাংশ ৰাইজ ৷ বুৰ গ’ল জোনাইৰ কেইবাখনো চৰকাৰী বিদ্যালয় ৷ উপযুক্ত নলাৰ ব্যৱস্থা নথকা বাবে দুৰ্ভোগ ভুগীব লগা হৈছে ৰাইজ ৷ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে দাবী ৰাইজৰ ৷

Jonai Flood
কৃত্ৰিম বানত ককবকাইছে জোনাইৰ একাংশ ৰাইজ
author img

By

Published : Aug 12, 2023, 1:55 PM IST

কৃত্ৰিম বানত ককবকাইছে জোনাইৰ একাংশ ৰাইজ

জোনাই,12 আগষ্ট: কৃত্ৰিম বানত বুৰ গৈছে জোনাইৰ কেইবাখনো চৰকাৰী বিদ্যালয় ৷ নিশাৰ পৰা হোৱা বৰষুণৰ বাবে জোনাইৰ বিভিন্ন অঞ্চলৰ ৰাইজ কৃত্ৰিম বানত ককবকাই থাকিব লগা হৈছে ৷ জোনাই বজাৰকে ধৰি বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানত স্বাভাৱিক জীৱন যাপনত অসুবিধাৰ সৃষ্টি হৈছে ।

জোনাইৰ বজাৰ গান্ধী ৰোড, উদয়পুৰ এ এছ টি চি বাছ আস্থান, আৱকাৰী কৰ্যালয়, হিন্দী এল পি স্কুল, হিন্দী হাই স্কুল, জোনাই টাউন এল পি স্কুল লগতে জোনাইৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ কৃত্ৰিম বানৰ ফলত জলমগ্ন হৈ পৰে । পুৱাৰ ভাগতে বিদ্যালয়লৈ আহি ছাত্ৰ-ছাত্ৰীয়ে ওভতি যাব লগা হয় ৷ কৃত্ৰিম বানৰ বাবে জোনাই হিন্দী মধ্য ইংৰাজী বিদ্যালয়, হিন্দী প্ৰাথমিক বিদ্যাপীঠ আৰু জোনাই বজাৰ প্ৰাথমিক বিদ্যালয় শনিবাৰে পাঠদান বন্ধ ৰাখিব লগা হয় ৷

এই তিনিখন বিদ্যালয়ৰ সকলোবোৰ শ্ৰেণীত কোঠা, কাৰ্যালয় গৃহ লগতে অহা যোৱা কৰা পথতো বৰষুণৰ পানীয়ে বুৰাই পেলাইছে ৷ যাৰ ফলত বিদ্যালয়ৰ শিক্ষক সকলে বিদ্যালয় বন্ধ ৰাখিব লগা হৈছে ৷ ইফালে প্ৰতি বছৰে এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টিৰ অন্যতম কাৰণ নলা নিৰ্মাণত বিসংগতি ৷ উপযুক্ত নলাৰ ব্যৱস্থা নথকা বাবে দুৰ্ভোগ ভুগীব লগা হৈছে ৷ উল্লেখ্য যে কৃত্ৰিম বানপানীৰ সমস্যা ৰোধ কৰিবলৈ জোনাই মহকুমা প্ৰশাসন, জনপ্ৰতিনিধি আৰু পঞ্চায়তে এই ক্ষেত্ৰত এতিয়ালৈ কোনো পদক্ষোপ লোৱা পৰিলক্ষিত হোৱা নাই । ফলত ৰাইজে চৰম হাৰা-শাস্তিৰ সন্মুখীন হৈছে ৷ সেয়ে ৰাইজে ক্ষোভ উজাৰে জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধি বিৰুদ্ধে ৷ শীঘ্ৰে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে দাবী জলাই ৰাইজে ৷

লগতে পঢ়ক:Poor Transportation in Jonai : জোনাইত বিদ্যালয়লৈ বিপদ সংকুল যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.