জোনাই, ২০ জুলাই : গৰু ছিণ্ডিকেটক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ধেমাজি আৰক্ষীয়ে অবৈধ গো-ধনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি সোমবাৰে পুনৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কুলাজানৰ পৰা ১২৭ টা নথি-পত্ৰবিহীন গো-ধন জব্দ কৰিবলৈ সক্ষম হয় । ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনৱটৰ নিৰ্দেশ মৰ্মে তাৎক্ষণিকভাৱে চিমেন চাপৰি আৰক্ষী চকীৰ পৰিদৰ্শক ৰাজু গগৈ আৰু ধেমাজি সদৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক পদ্মেশ্বৰ বৰকটকীৰ নেতৃত্বত দেওবাৰে চিচিবৰগাঁৱৰ গেলুৱাত অভিযান চলাই ৯০ টা নথি-পত্ৰ বিহীন গো-ধন জব্দ কৰাৰ পিচতে আজি পুৱা প্ৰায় ৬.২০ বজাৰ পৰা পুনৰ আৰক্ষী বিষয়াদ্বয়ৰ নেতৃত্বত কুলাজান চাৰিআলিস্থিত মাইহাং ৰেষ্টুৰেণ্টৰ সমীপৰ কেইবাটাও স্থানত আৰক্ষী,বি এছ এফ আৰু চি আই এছ এফৰ দলে জোৰদাৰ অভিযান চলাই অবৈধ গো-ধন জব্দ কৰিবলৈ সক্ষম হয় ।
ইফালে,জব্দকৃত গো-ধন কেইটা পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াদ্বয় ক্ৰমে ৰাজু গগৈ আৰু পদ্মেশ্বৰ বৰকটকীয়ে চিলাপথাৰ আৰক্ষী আৰু জিলা পশু চিকিৎসা বিভাগক চমজাই দিয়ে বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে । লক্ষণীয় যে,অভিযান কালত গৰু সমূহৰ মালিকৰ বিষয়ে আৰক্ষীয়ে বিভিন্নজনক সোধ-পোচ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে ।
শেহতীয়াকৈ বিশ্বনাথ জিলা আৰক্ষীৰ গহপুৰ,হাৱাজান,হেলেম আৰু জিনজিয়া আৰক্ষী থানাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাত প্ৰায় ১০ খন অবৈধ ভাৱে গৰু কঢ়িয়াই থকা ট্ৰাকত সৰ্বমুঠ প্ৰায় ২৩৭ টা গো-ধন জব্দ কৰাৰ বিষয়টোৱে ৰাজ্যজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে ছিণ্ডিকেট চক্ৰৰ এজেণ্টে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেলুৱাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু সংগ্ৰহ কৰি জমা কৰাৰ চাঞ্চল্যকৰ তথ্য সংবাদ মাধ্যমত ফাদিল হোৱাৰ পিচতে বিষয়টোত গুৰুত্ব আৰোপ কৰি আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে অব্যাহত আছে এই অভিযান ।
ইফালে,আৰক্ষীয়ে দুটা দিনৰ ভিতৰতে সৰ্বমুঠ ২১৭ টা গো-ধন জব্দ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰাৰ লগতে অনাগত দিনত হাজাৰ হাজাৰ গো-ধন জব্দ কৰাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে জিলাখনত ।
লগতে পঢ়ক : শ্বহীদ পত্নীক অশ্লীল ইংগিত দিয়া যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু