জোনাই, 3 ফেব্ৰুৱাৰী : জোনাইত আজি ভাৰতীয় সেনাই কেবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীলৈ কিতাপ-বহী লগতে নানা আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ৷ স্থলসেনাৰ অপাৰেশ্বন সদ্ভাৱনাৰ অধীনত এই কাৰ্যসূচী জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰে ৷
লগতে পঢ়ক : ধেমাজিত ভাৰতীয় সেনাৰ দ্বাৰা চিকিৎসা সামগ্ৰী বিতৰণ
মহকুমাটোৰ 6খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বহী, স্কুল বেগ, White board, চাৰ্ট আদি নানা উপযোগী সমাগ্ৰী বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক বিতৰণ কৰে স্থলসেনাই ৷
এই কাৰ্যসূচীত ভাৰতীয় স্থলসেনাৰ শিখ লাইট ইনফেন্ট্ৰি ৰেজিমেন্টৰ কামাণ্ডিং অফিচাৰ কৰ্নেল ৰাহুল প্ৰতাপ সিং, জোনাইৰ মহকুমাধিপতি জিমলী শইকীয়া, কেপ্তেইন আশতোষ শ্ৰীবাস্তৱ, মেজৰ ধৰ্মেন্দ্ৰ সিং আদি কৰি কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে ৷
লগতে পঢ়ক : অৰুণাচলৰ ৰেহ উৎসৱত গোৰ্খা ৰেজিমেন্টৰ প্ৰখ্যাত খুকৰী নৃত্য