ETV Bharat / state

ধেমাজিত কৃষকৰ ক্ষোভঃ গ্ৰাম সেৱক নাযায় খেতি পথাৰলৈ

author img

By

Published : Nov 25, 2020, 12:46 PM IST

Updated : Nov 25, 2020, 2:16 PM IST

পথাৰত ভৰি দি নোপোৱা ধেমাজি কৃষি বিভাগৰ গ্ৰামসেৱকৰ বিৰুদ্ধে ক্ষোভ বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ ৷ চাকৰিৰ নামত ঘৰকে বহি দৰমহা খাইছে কৃষকৰ সহায়ৰ বাবে নিয়োগ কৰা গ্ৰাম সেৱকে ৷ কৃষক সকলৰ সহায়ৰ বাবে নিয়োগ কৰা জিলাখনৰ গৰিষ্ঠসংখ্যক গ্ৰাম সেৱকেই নাযায় ৰাইজৰ কাষলৈ ৷ বহু লোকে নাজানেই তেওঁলোকৰ এলেকাত থকা গ্ৰাম সেৱকৰ নাম ৷

ধেমাজিত কৃষকৰ ক্ষোভঃ গ্ৰাম সেৱক নাযায় খেতি পথাৰলৈ
ধেমাজিত কৃষকৰ ক্ষোভঃ গ্ৰাম সেৱক নাযায় খেতি পথাৰলৈ

ধেমাজি, 25 নৱেম্বৰঃ বান পানী আৰু বতৰৰ সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজিৰ গ্ৰামাঞ্চলৰ চহা কৃষকে মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ বিশেষকৈ ধেমাজিৰ মৰিধল,বালিগাঁও আৰু পেৰাভাৰী গাঁৱৰ দৰিদ্ৰ কৃষকে দীৰ্ঘদিন ধৰি চৰকাৰী সাহাৰ্য অবিহনেই ৰবি শস্যৰ খেতি কৰি আহিছে ৷

অঞ্চলটোৰ চহা খেতিয়ক সকলে গাঠিৰ ধন খৰচ কৰি শালি খেতিৰ পৰিৱৰ্তে ৰবি শস্য পলমকৈ আৰম্ভ কৰিছে যদিও পানী আৰু সাৰৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ তেওঁলোকে জানিবলৈ দিয়া বিগত কেইবাছৰ ধৰি অঞ্চলটোৰ কৃষকৰ পথাৰত ভৰি দি পোৱা নাই ধেমাজি কৃষি বিভাগৰ গ্ৰামসেৱকসকলে ৷ মন কৰিবলগীয়া যে এটা দিন পথাৰ দিৱস পালন কৰি বা:বা লোৱা ৰাজ্য বিয়াগোম কৃষি বিভাগৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ধেমাজি বানাক্ৰান্ত অঞ্চলৰ কৃষক ৷ কৃষি বিভাগৰ চৰকাৰী অভিলাষী আচনিয়ে ঢুকি পোৱা নাই চহা কৃষকসকলক ৷

লগতে চাওকঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা জনাই অৰ্ধনমিত কৰা হ’ল গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকা

Last Updated : Nov 25, 2020, 2:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.