ETV Bharat / state

"ৰং-তুলিকা-শব্দৰে পবাৰ বাবে এদিন" শীৰ্ষক সজাগতামূলক অনুষ্ঠান

author img

By

Published : Nov 29, 2020, 1:17 PM IST

প্ৰকৃতিকৰ্মী তথা নেচাৰ্চ বেকনৰ কৰ্মী তোষেশ্বৰ মিৰি আগৰৱালাই কয়ৰং তুলিকা শব্দৰে পবা বনাঞ্চলৰ জৈৱ বৈচিত্ৰতা সংগ্ৰহ কৰিবলৈ জনমানহত সজাগতা বৃদ্ধি কৰিবৰ বাবে লগতে ৰাইজক ধেমাজি জিলাৰ একমাত্ৰ 'পবা' সংৰক্ষিত বনাঞ্চলখনক ইয়াৰ জৈৱ বৈচিত্ৰ সুৰক্ষা কৰাৰ বাবে আহ্বান জনায় ৷ লগতে পবা বনাঞ্চলক অতি সোনকালে অসম চৰকাৰে অভয়াৰণ্যলৈ উন্নীত কৰিবলৈ আহ্বান জনায় ৷

জোনাইত ৰং-তুলিকা-শব্দৰে পবাৰ বাবে এদিন" শীৰ্ষক সজাগতামূলক অনুষ্ঠান

জোনাই, 29 নৱেম্বৰ : ধেমাজি জিলাৰ একমাত্ৰ জীৱিত বনাঞ্চল তথা জিলাখনৰ জৈৱ- বৈচিত্ৰৰ আকৰস্বৰূপ 'পবা' বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰি স্থায়ী সুৰক্ষা প্ৰদানৰ উদ্দেশ্যৰে নেচাৰ্চ বেকনে ধেমাজি জিলাবাসী ৰাইজ তথা বিভিন্ন দল সংগঠনৰ সহযোগত বিগত প্ৰায় দুটা দশক ধৰি চলাই আহিছে অবিৰত সংগ্ৰাম ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন সময়ত 'পবা'ক অভয়াৰণ্য হিচাপে সংৰক্ষণৰ প্ৰতিশ্ৰুতি তথা আশ্বাস প্ৰদান কৰিছে যদিও কাৰ্যক্ষেত্ৰত এই আশ্বাস বা প্ৰতিশ্ৰুতি বৰ্তমানেও ফলপ্ৰসু হৈ উঠা নাই ৷ মুখ্যমন্ত্ৰী গৰাকীৰ এই প্ৰতিশ্ৰুতি বাস্তবায়িত কৰাৰ ক্ষেত্ৰত ধেমাজি জিলাবাসী জনসাধাৰণৰ এক সবল জনমতৰ প্ৰয়োজন আছে ৷

যি জনমতে মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰত 'পবা' ক বন্য প্ৰানী অভয়াৰণ্য লৈ উন্নীত কৰাৰ ক্ষেত্ৰত প্ৰবল চাপ সৃষ্টি কৰিব ৷ এই উদ্দেশ্য আজি ধেমাজি জিলাৰ জোনাই মহকুমাস্থিত 'পবা' বৰ্ষাৰণ্যৰ তিনিমাইল বনখণ্ডৰ তিনিমাইল ঘাটত নেচাৰ্চ বেকনৰ উদ্যোগত আৰু ধেমাজি চিত্ৰশিল্পী সকলৰ এক উমৈহতীয়া অনুষ্ঠান' বৰ্ণাংকন' ৰ সহযোগত জিলাখনৰ ভালেকেইগৰাকী চিত্ৰশিল্পী আৰু কবিৰ অংশগ্ৰহণেৰে অঞ্চলবাসী স্থানীয় ৰাইজ তথা বিভিন্ন বিদ্যালয় ছাত্র-ছাত্ৰী সকলৰ উপস্থিতি "ৰং-তুলিকা-শব্দৰে পবাৰ বাবে এদিন" শীৰ্ষক এক পৰিবেশ সজাগতামূলক কাৰ্যসূচী আয়োজন কৰা হৈছে৷ উক্ত অনুষ্ঠানত নলবাৰী,লখিমপুৰ,ধেমাজি জিলাৰ শিল্পী, সাংবাদিক, সাহিত্যিক উপস্থিত থাকে৷ জোনাই বালিকা মহাবিদ্যালয় আৰু লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা "ৰং-তুলিকা-শব্দৰে পবাৰ বাবে এদিন" শীৰ্ষক এক পৰিবেশ সজাগতামূলক কাৰ্যসূচী শিল্পী, কবি আৰু ছাত্ৰ-ছাত্ৰী সকলে ছবি আকে, কবিতা আবৃত্তি কৰে আৰু সহিত্যৰ চৰ্চা কৰে ৷

জোনাইত ৰং-তুলিকা-শব্দৰে পবাৰ বাবে এদিন

প্ৰকৃতিকৰ্মী তথা নেচাৰ্চ বেকনৰ কৰ্মী তোষেশ্বৰ মিৰি আগৰৱালাই কয়ৰং তুলিকা শব্দৰে পবা বনাঞ্চলৰ জৈৱ বৈচিত্ৰতা সংগ্ৰহ কৰিবলৈ জনমানহত সজাগতা বৃদ্ধি কৰিবৰ বাবে লগতে এই অনুষ্ঠানৰ যোগদি ৰাইজক ধেমাজি জিলাৰ একমাত্ৰ 'পবা' সংৰক্ষিত বনাঞ্চলখনক ইয়াৰ জৈৱ বৈচিত্ৰ সুৰক্ষা কৰাৰ বাবে আহ্বান জনায় ৷ লগতে পবা বনাঞ্চলক অতি সোনকালে অসম চৰকাৰে অভয়াৰণ্যলৈ উন্নীত কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: মাজুলীৰ মায়ামৰা সত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অনুষ্ঠানত ধেমাজি আঞ্চলিকৰ নেচাৰ্চ বেকনৰ সমন্বয়ৰক্ষী যুগল সন্দিকৈ, নেচাৰ্চ বেকনৰ কৰ্মী তথা কবি মানস প্ৰতীম দত্ত, সদস্য গিৰীণ কছাৰী,প্ৰকৃত কৰ্মী যুগল বৰাআৰু ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগু, উপদেষ্টা ৰাজীৱ পেগুৱে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত মূল্যৱান গছ-গছনি কাটি বন ধ্বংসযজ্ঞ চলোৱা আৰু বন্যপ্ৰাণীৰ চোৰাং চিকাৰ বৃদ্ধি পোৱাক গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷

এই অনুষ্ঠানত উপস্থিত থাকে নেচাৰ্চ বেকনৰ সদস্য ৰজনী সন্দিকৈ,বিশ্বজিৎ চিমচাং, কোচ সদস্য চিৰঞ্জীৱ বৰগোহাঁই, ভূপেন হাজৰিকাৰ গৱেষক ড৹ শংকৰ পাটোৱাৰী, চিত্ৰকাৰ,হোমেন শইকীয়া, ৰাজেশ দত্তবৰুৱা, ৰিংকি দাস, দিব্য ভূষণ সন্দিকৈ, ঋত্বিক সন্দিকৈ, প্ৰণৱ চুতীয়া, মুনমী চুতীয়া ,কবি হেমচন্দ্ৰ কছাৰী, আলোকচিত্ৰ শিল্পী হেমন্ত বৰপাত্ৰ গোহাঁই, চিত্ৰনিৰ্মাতা অসীম দত্ত , গায়িকা মনতৃষ্ণা পেগু ধেমাজি কমাৰ্চ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজুমণি ভূঞা, সমাজসেৱীকা নিৰ্মালী বৰশইকীয়া আৰু লিপিকা শৰ্মা পাটোৱাৰী ৷

লগতে পঢ়ক: বিটিচিত বিজেপিয়ে ইস্তাহাৰ প্ৰকাশ কৰা নাই; সেয়া হিমন্ত বিশ্বৰ ইস্তাহাৰঃ হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.